চিটাৰা ডেস্ক, 20 আগষ্ট : 45 বছৰত ভৰি দিলে বলীউডৰ অভিনেতা তথা এগৰাকী অশ্ব আৰোহী ৰণদীপ হুদাৰ(Randeep Hooda)৷ 1976 চনৰ 20 আগষ্টত এটি ‘জাট’ (Jat) পৰিয়ালত জন্মগ্ৰহণ কৰিছিল অভিনেতা ৰণদীপ হুদাই ৷ 2001 চনত মুক্তিলাভ কৰা মীৰা নায়াৰৰ দ্বাৰা পৰিচালিত ‘Monsoon wedding’ ছবিখনৰ জৰিয়তে বলীউডত ভুমুকি মাৰিছিল ৰণদীপে । তাৰ পাচৰ পৰাই বলিউডত নিজৰ অভিনয়েৰে সকলোকে মুহি আহিছে অভিনেতাগৰাকীয়ে ৷
ইয়াৰ বাহিৰেও তেওঁ নতুন দিল্লীত এক অশ্ব আৰোহণ প্ৰতিযোগিতাত Equestrian Federation of Indiaৰ দ্বাৰা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ ৰণদীপ হুদাৰ ওপজা দিনৰ শুভক্ষণত আহক জুকিয়াই চাও তেওঁৰ কেইটামান সফল চৰিত্ৰ...
- ওৱানছ আপন এ টাইম ইন মুম্বাই(Once Upon a Time in Mumbai):
এই ছবিখনত ৰণদীপে 70ৰ দশকত মুম্বাইৰ পৰা মাফিয়াক আঁতৰ কৰোৱাৰ দায়িত্বত থকা এ চি পি এগনেল উইলছন নামত চৰিত্ৰটো ৰূপায়ন কৰিছিল ৷ অৱশ্যে ছবিখনৰ অন্তিম দৃশ্যাংশতে ৰণদীপৰ চৰিত্ৰটো অস্তিত্বশীল বুলি প্ৰমাণিত হৈছে ৷
- লাল ৰংগ(Laal Rang): ৰণদীপ হুদা
লাল ৰংগ ছবিখনত ৰণদীপে হাৰিয়ানাৰ উপনগৰৰ এজন স্থানীয় লোকৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ চলচ্চিত্ৰখনে দৰ্শকৰ পৰা সৰ্বাধিক প্ৰশংসা লাভ কৰা নাছিল যদিও ৰণদীপৰ অৰ্ধ-মাতাল চৰিত্ৰটো স্পষ্টৰূপে ফুটি উঠিছিল ।
- সৰৱজিৎ (Sarbjit):