গুৱাহাটী, 10 ফেব্ৰুৱাৰীঃদেওবাৰে গুৱাহাটীত উপস্থিত হয় বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাও । হোটেল ৰেডিচন ব্লু'ত ‘চিগনেচাৰ মাষ্টাৰ ক্লাছ’উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত ভাগ ল'বলৈ গুৱাহাটীত আহি উপস্থিত হয় অভিনেতাগৰাকী। অনুষ্ঠানত অংশ লোৱাৰ পূৰ্বে সাংবাদিকৰ সৈতে মত বিনিময় কৰে অভিনেতা ৰাজকুমাৰ ৰাওৱে। ছবিজগতৰ বিভিন্ন তিতা-মিঠা অভিজ্ঞতাৰ কথা উল্লেখ কৰি নিজৰ জীৱন প্ৰণালী আৰু বৰ্তমানৰ পৰিকল্পনাৰ বিষয়ে জনায় অভিনেতাগৰাকীয়ে । তাৰোপৰি অসমৰ সৌন্দৰ্যৰ লগতে অপূৰ্ব কলা-কৃষ্টিৰ কথা দোহাৰি প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৰাজকুমাৰ ।
গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাও - Signature Master event in Hotel Radisson Blu
‘Signature Master’ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত অংশ ল’বলৈ গুৱাহাটীত উপস্থিত বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৷

গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাও
হোটেল ৰেডিচন ব্লু'ত বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ
ইয়াৰ উপৰিও অসমীয়া ছবিত কাম কৰা কৰাৰ সুযোগ পালে নঠৈ আনন্দিত হ'ব বুলি উল্লেখ কৰে ৰাজকুমাৰে । আনহাতে অসমৰ পৰম্পৰাগত খাদ্যৰ প্ৰশংসা কৰাৰ উপৰিও অসম গৌৰৱ কাজিৰঙাৰ এশিঙিয়া গঁড় চাবলৈ ইচ্ছুক বুলিও সাংবাদিকৰ আগত মত ব্যক্ত কৰে অভিনেতাগৰাকীয়ে ।
উল্লেখযোগ্য যে, অহা ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ফ্লিম ফেয়াৰ এৱাৰ্ড অনুষ্ঠানটো উপস্থিত থাকিব বলীউডৰ অভিনেতাগৰাকী ৷
Last Updated : Feb 10, 2020, 9:19 AM IST