আজাৰা,15 ফেব্ৰুৱাৰীঃ দ্বিতীয় মায়ানগৰীলৈ ৰূপান্তৰিত হৈছে গুৱাহাটী । সমাৱেশ ঘটিছে বিভিন্ন তাৰকাৰ ৷ কিয়নো আজি পোনপ্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ'ব বহু প্ৰত্যাশিত 65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড ৷ শুকুৰবাৰৰ পৰা গুৱাহাটীত বহুকেইজন জনপ্ৰিয় তাৰকাই বাহৰ পাতি থকাৰ বিপৰীতে শনিবাৰেও আহি উপস্থিত হৈছে বহুকেইজন তাৰকা ৷ সৰুসজাইত অনুষ্ঠিত হ'ব লগা 65তম ফিল্মফেয়াৰ এৱাৰ্ডৰ বাবে পুৱাৰে পৰা বৰঝাৰ বিমান বন্দৰতো সীমাহীন ব্যস্ততা ৷ প্ৰতিজন তাৰকাকে বৰঝাৰ বিমানবন্দৰত আদৰণি জনোৱা হয় অসমীয়া বিহু নৃত্যৰে ৷ শুকুৰবাৰে নিশা 1 বাজি 30 মিনিটত আহি গুৱাহাটীত উপস্থিত হয় জনপ্ৰিয় চুপাৰষ্টাৰ অক্ষয় কুমাৰ, মনিষ পল আৰু ভূমি পেডনেকাৰ ৷
মায়ানগৰীলৈ ৰূপান্তৰ গুৱাহাটী মহানগৰী - 65th filmfare award
সৰুসজাইত অনুষ্ঠিত হ'ব লগা 65তম ফিল্মফেয়াৰ এৱাৰ্ডৰ বাবে পুৱাৰে পৰা বৰঝাৰ বিমান বন্দৰতো সীমাহীন ব্যস্ততা ৷ প্ৰতিজন তাৰকাকে বৰঝাৰ বিমানবন্দৰত আদৰণি জনোৱা হয় অসমীয়া বিহু নৃত্যৰে ৷
মায়ানগৰীলৈ ৰূপান্তৰ গুৱাহাটী মহানগৰী
ইফালে শনিবাৰে পুৱাই আহি গুৱাহাটীত উপস্থিত হয় প্ৰসিদ্ধ অভিনেতা গোবিন্দা ৷ গোবিন্দাৰ লগতে আহে তেওঁৰ জীয়ৰী টিনা আহুজা ৷ শনিবাৰে পুৱা আহি উপস্থিত হয় জনপ্ৰিয় নৱাগত অভিনেতা সিদ্ধান্ত চৰ্তুবেদীৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী উষা উত্থুপো ৷ বিমানবন্দৰৰ পৰাই পোনে পোনে আটাইকেইজন ৰাওনা হয় তাজ বিভান্তালৈ ৷
লগতে পঢ়কঃমা কামাখ্যা ধামত বলীউড তাৰকাৰ সমাহাৰ