ETV Bharat Assam

অসম

assam

ETV Bharat / sitara

বলীউডৰ একচন ডিৰেক্টৰ পাৰভেজ খানৰ মৃত্যু - হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু পাৰভেজ খানৰ

সোমবাৰে মৃত্যু হয় বলীউডৰ জনপ্ৰিয় একচন ডিৰেক্টৰ পাৰভেজ খানৰ ৷ হৃদৰোগত আক্ৰান্ত হৈ 55 বছৰ বয়সত মৃত্যু হয় জনপ্ৰিয় নিৰ্দেশক গৰাকীৰ ৷

Bollywood action director Parvez Khan passes away
বলীউডৰ একচন ডিৰেক্টৰ পাৰভেজ খানৰ মৃত্যু
author img

By

Published : Jul 28, 2020, 2:59 PM IST

চিটাৰা ডেস্ক, 28 জুলাইঃশ্ৰীৰাম ৰাঘৱনৰ আন্ধাধুনআৰু বদলাপুৰৰ দৰে ছবিত একচন ডিৰেক্টৰ হিচাপে কাম কৰি খ্যাত লাভ কৰা একচন ডিৰেক্টৰ পাৰভেজ খানৰ মৃত্যু ৷ সোমবাৰে হৃদৰোগত আক্ৰান্ত হৈ 55 বছৰ বয়সত মৃত্যুবৰণ কৰে জনপ্ৰিয় নিৰ্দেশক গৰাকীয়ে ৷

1986 চনৰ পৰা বলীউড ইণ্ডাষ্ট্ৰীত কাম কৰা পাৰভেজে যেতিয়া তেওঁৰ বুকুত যথেষ্ট বিষ অনুভৱ কৰিছিল আৰু তাৰ পিছতেই তেওঁক লৈ যোৱা হৈছিল ৰুবী হাস্পতাললৈ ৷ এই কথা জনালে তেওঁৰ লগত দীৰ্ঘ সময় ধৰি একেলগে কাম কৰা তেওঁৰ সহযোগী নিশান্ত খানে ৷

নিশান্তে কয়,"ৰাতিপুৱা ভাগত হাৰ্ট এটেক হোৱাৰ বাবে তেওঁক হাস্পতাল লৈ যোৱা হৈছিল যদিও তেওঁক মৃত ঘোষণা কৰে ৷ তেওঁৰ অন্য কোনো স্বাস্থ্যৰ সমস্যা নাছিল,কিন্তু কালি ৰাতি বুকুত বিষ অনুভৱ কৰিছিল ৷"

ছবি নিৰ্মাতা হঞ্চল মেহতা,যি ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী 2013চনৰ নাটক চাহিদত পাৰভেজৰ সৈতে কাম কৰিছিল ৷ তেওঁ কয় যে একচন নিৰ্দেশক গৰাকী নিজৰ কামত যথেষ্ট পাৰদৰ্শী আছিল ৷

পাৰভেজে 1992 চনত অক্ষয় কুমাৰৰ খিলাড়ীছবিৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ৷ 1993 চনৰ বাজীগৰআৰু ববী দেওল অভিনীত ছবি চ'লজাৰত তেওঁ একচন ডিৰেক্টৰ হিচাপে কাম কৰিছিল ৷

2004 চনত অৱ তক চপ্পন, 2007 চনত জনী গড্ডাৰ ,চেইফ আলী খান অভিনীত এজেন্ট বিনোদ আৰু 2012 চনতবদলাপুৰৰ দৰে জনপ্ৰিয় ছবিত কাম কৰিছিল একচন ডিৰেক্টৰ গৰাকীয়ে ৷

পাৰভেজ খানে মৃত্যুৰ সময়ত পত্নী, পুত্ৰ,বোৱাৰী আৰু নাতিয়েকক এৰি থৈ গৈছে এই সংসাৰত ৷

লগতে পঢ়কঃদেউতাকৰ স্মৃতিয়ে আমনি কৰিছে অমিতাভ বচ্চনক

ABOUT THE AUTHOR

...view details