চিটাৰা ডেস্ক,20 জুলাইঃজানে ভি দৌ য়াৰ', মাচুম, এ ৱেডনেস্ডে, স্পৰ্চ, ইশকিয়া, ইকবাল, মণ্ডী, জুনুন, অলবাৰ্ট পিন্ট' কৌ গুচ্চা কিয়ো আতা হে , অৰ্ধ সত্য, চৰফৰৌচ,কৰ্মা আৰুমৌহৰাহিন্দী ছবি জগতৰ যথেষ্ট উৎকৃষ্ট ছবি ৷ এই সমূহ দেখিলে আপোনাৰ এনেকুৱা লাগিব বলীউডত ছবি আৰু ছবিৰ অভিনয় যথেষ্ট উচ্চ মানদণ্ডৰ ৷ এই ছবিসমূহৰ কথা চৰ্চা কৰিবলৈ যাওঁতে আমি চৰ্চা কৰিব লাগিব ছবি সমূহত পাৰদৰ্শীতা দেখুৱাই মানুহক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হোৱা প্ৰসিদ্ধ অভিনেতা নাচিৰুদ্দিন শ্বাহৰ বিষয়ে ৷ তেওঁ হিন্দী ছবি জগতৰ এগৰাকী যথেষ্ট উৎকৃষ্ট অভিনেতা ৷
1975 চনত শ্যাম বেনেগলৰ ছবিনিশান্তৰ জৰিয়তে হিন্দী ছবিজগতত ভৰি থৈছিল নাচিৰুদ্দিন শ্বাহ ওৰফে নাচিৰ চাহাবে ৷ 1980 চনত হাম পাঁচৰ জৰিয়তে অভিনেতাগৰাকী জড়িত হৈ পৰে মেইন ষ্ট্ৰিম ছবিৰ সৈতে ৷
মাষ্টৰ ক্লাছ অভিনেতা আৰু থিয়েটাৰ শিল্পী নাচিৰ চাহাবৰ জন্ম হৈছিল 1950চনৰ 20 জুলাইত ৷ উত্তৰ প্ৰদেশৰ বাৰাবাংকীত জন্মগ্ৰহণ কৰা অভিনেতাগৰাকীয়ে নাইনিতালৰ চেন্ট জোচেফ কলেজত অধ্যয়ন কৰিছিল আৰু ইয়াৰ পিছত আলীগড় মুছলিম ইউনিভাৰ্ছিটীৰ পৰা গ্ৰেজুৱেছন কৰিছিল ৷ গ্ৰেজুৱেছনৰ পিছত তেওঁ দিল্লীৰ নেশ্যনেল স্কুল অফ ড্ৰামাত জইন কৰিছিল ৷
ছবি আৰু টিভি জগতৰ উপৰিও মহাত্মা ভাৰ্চেজ গান্ধী, ডিয়েৰ লায়াৰ, আইনষ্টাইন, এ ৱৰ্ক ইন দ্য ৱুডছৰ বহু প্ৰসিদ্ধ থিয়েটাৰত মনত ৰাখিবলগীয়া ধৰণৰ অভিনয় কৰিছিল ৷