চিটাৰা ডেস্ক, 10 অক্টোবৰ : ‘অভিনেত্ৰী ৰেখা’- যাৰ নামৰ কোনো পৰিচয়ৰ প্ৰয়োজন নাই ৷ ভানুৰেখা গণেশন(Bhanurekha Ganesan) হিচাপে জন্মগ্ৰহণ কৰা কিংবদন্তী অভিনেত্ৰীগৰাকীৰ আজি ওপজা দিন ৷ অভিনয়ৰ লগতে সৌন্দৰ্যৰে বলীউডৰ ছবি জগতক মন্ত্ৰমুগ্ধ কৰা ৰেখাই(Rekha) 1954 চনৰ আজিৰ দিনটোতে দক্ষিণ ভাৰতত জন্মগ্ৰহণ কৰিছিল ৷ গ্লেমাৰ জগতৰ আগশাৰীৰ তাৰকাৰ নাম মনলৈ আহিলে তালিকাৰ শীৰ্ষস্থানত ৰখা হয় অভিনেত্ৰী ৰেখাক ৷
1970 চনত বলীউডত আত্মপ্ৰকাশ ঘটিছিল এইগৰাকী ‘Charisma Queen’ ৰ ৷ অতুলনীয় অভিনয়ৰে মুঠ 140 খন হিন্দী বোলছবিত কাম কৰিছে ৰেখাই ৷ চলচ্চিত্ৰ প্ৰেমীসকলৰ প্ৰতিটো প্ৰজন্মতে ৰেখাৰ অনুৰাগী থকা পৰিলক্ষিত হয় ৷ বিশেষকৈ ‘In Anljon Ki Masti’ গীতটিত পৰিস্ফূত হোৱা ৰেখা ‘Adaa’ ই আজিৰ প্ৰজন্মৰ মনতো সাঁচ বহুৱাবলৈ সক্ষম হৈছে ৷
ৰেখাই তেওঁৰ অতুলনীয় অভিনয়ৰে ইতিমধ্যে মিলিয়নৰো অধিক অনুৰাগীৰ হৃদয় জয় কৰিছে । দৰাচলতে ছবিসমূহত কৰা অভিনয় আৰু সৌন্দৰ্যৰে বলীউডৰ প্ৰেমীসকলৰ মনত চিৰস্থায়ীভাৱে সাঁচ পেলাইছে এইগৰাকী Evergreen অভিনেত্ৰীয়ে । ‘চিলচিলা’(Silsila) ৰ পৰা ‘উমৰাও জান’(Umrao Jaan), খুবচুৰত(Khubsoorat)লৈকে ৰেখাই ৰূপালী পৰ্দাত এক নতুন যুগৰ আৰম্ভণি কৰিছে । জন্মদিনৰ এই শুভক্ষণত আহক উভতি যাও ৰেখাৰ কেইটামান অসামান্য চৰিত্ৰৰ মাজলৈ...
Silsila(1981) : যশ চোপ্ৰাৰ পৰিচালনা আৰু ৰেখাৰ অভিনয়ৰে নিৰ্মিত ‘চিলচিলা’ ছবিখন 80 ৰ দশকৰ চৰ্চিত চলচ্চিত্ৰবোৰৰ ভিতৰত আছিল অন্যতম । ছবিখনত ৰেখাই চান্দনীৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল ৷ ৰেখাৰ সহ-অভিনেতা হিচাপে আছিল বিগ বি অমিতাভ বচ্চন আৰু জয়া বচ্চন ৷ ছবিখনৰ কাহিনীটো ‘Love Triangle’ ৰ ওপৰত আধাৰিত আছিল ৷ ৰেখাৰ অভিনয়ৰ লগতে তেওঁৰ অভিব্যক্তি, পিন্ধনত ৰেচমী শাৰী আৰু আবেগৰ প্ৰদৰ্শনে দৰ্শকৰ মাজত প্ৰশংসা লাভ কৰিছিল ৷
Khubsoorat(1980) : হৃষীকেশ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত ‘খুবচুৰট’ ছবিখনত ৰেখাৰ Comic Timing ক সকলোৱে প্ৰশংসা কৰিছিল ৷ ছবিখনত ৰেখাৰ অভিনয়ৰ যাদু আছিল অবিশ্বাস্য । ছবিখনত ৰেখাই এগৰাকী বিশৃংখল যুৱতীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল, যিয়ে জীৱনটো সম্পূৰ্ণৰূপে উপভোগ কৰাৰ উপদেশ দিছিল । তেওঁৰ বিচিত্ৰতা আৰু কৌতুকপূৰ্ণ উত্তৰবোৰেও অনুৰাগীসকলৰ মনোযোগ আকৰ্ষণ কৰিছিল ।