চিটাৰা ডেস্ক,4 আগষ্টঃ বহুমুখী প্ৰতিভাৰ গৰাকী কিশোৰ কুমাৰ কেৱল এগৰাকী বিখ্যাত কন্ঠশিল্পীয়ে নহয় তেওঁ আছিল লেখক, অভিনেতা, নিৰ্দেশক আৰু সংগীত পৰিচালক ৷ তেওঁৰ জন্ম হৈছিল 1929 চনৰ 4 আগষ্টত মধ্যপ্ৰদেশৰ খণ্ডৱা নামৰ এখন চহৰত ৷ কিশোৰ কুমাৰৰ প্ৰকৃত নাম আছিল আভাস কুমাৰ গাংগুলী ৷ 1987 চনৰ 13 অক্টোবৰত মুম্বাইত মৃত্যু হৈছিল কিশোৰ কুমাৰৰ ৷ নিজৰ সুমধুৰ কন্ঠৰ জৰিয়তে কিশোৰ কুমাৰ আজিও আমাৰ মাজত প্ৰাণৱন্ত হৈ আছে ৷ আজিৰ দিনতো তেওঁৰ গানৰ অজস্ৰ প্ৰেমিক আছে ৷ তেতিয়াহ'লে তেওঁৰ 91 সংখ্যক জন্মদিনটোত আহকচোন চাও তেওঁৰ চিৰযুগমীয়া গীতৰ বিষয়েঃ
- মেৰে জীৱন চাথী ছবিখনৰ অ' মেৰে দিল কে চেন গীতটোৱে মানুহৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছিল ৷
- মিষ্টাৰ এক্স ইন বম্বেছবিৰ মেৰে মেহবুব কায়ামত হ'গী যথেষ্ট জনপ্ৰিয় আৰু সকলোৰে পচন্দৰ গীত আছিল ৷ কিশোৰ কুমাৰে নিজৰ এই গীতটোত নিজেই অভিনয় কৰিছিল ৷
- চিৰ যুগমীয়া ৰোমান্টিক গীতৰ তালিকাখনত কিশোৰ কুমাৰৰ এটা জনপ্ৰিয় গীত আছে ,সাগৰছবিখনৰ চেহৰা য়া চান্দ খিলা হে ৷
-
চন 1968ত পৰোচননামৰ এখন ছবি ৰিলিজ হৈছিল ৷এই ছবিখনৰ মেৰে চামনে বালী খিড়কী গানটো কোনেনো পাহৰিব পাৰে ৷ এই গানত কন্ঠদান কৰাৰ লগতে অভিনয় কৰিছিল কিশোৰ কুমাৰে ৷
-
ছবি মুকদ্দৰ কা চিকণ্ডৰৰ গান অ' চাথী ৰেগীতটো যথেষ্ট জনপ্ৰিয় হৈছিল ৷ য'ত অভিনয় কৰিছিল মেগাষ্টাৰ অমিতাভ বচ্চনে ৷
-
1958চনৰ ছবি চলতী কা নাম গাড়ীৰ আটাইকেইটা গানেই যথেষ্ট জনপ্ৰিয় হৈছিল ৷লাগিলে সেয়াহাল কেচা হে জানাবে হওক বা পাঁচ ৰূপয়া বাৰা আনাই হওক ৷ প্ৰত্যেকটো গীতেই মানুহে যথেষ্ট ভাল পাইছিল ৷
-
কিশোৰ কুমাৰে কন্ঠদান কৰা আৰাধনা ছবিৰ গীত মেৰে চপনো কে ৰাণী যথেষ্ট জনপ্ৰিয় হৈছিল ৷ য'ত অভিনয় কৰিছিল ৰাজেশ খান্না আৰু শৰ্মিলা টেগ'ৰে ৷
-
কিশোৰ কুমাৰৰ কন্ঠত ছবি কটী পতংগৰ গীত প্যাৰ দীৱানা হোতা হে'গীতটোৱেও যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷
-
ধৰ্মেন্দ্ৰ আৰু ৰাখীয়ে অভিনয় কৰা ছবি ব্লেকমেইলৰ গানপল পল দিল কে পাচগীতটিক আজিও দৰ্শকে যথেষ্ট পচন্দ কৰে ৷ কিশোৰ কুমাৰৰ এই গীতটো সকলোৰে যথেষ্ট পচন্দৰ ৷ কিশোৰ কুমাৰ যদিও আজিও আমাৰ মাজত নাই কিন্তু তেওঁৰ গীতসমূহ সদায় অনুৰাগীৰ হৃদয়ৰ নিচেই কাষত আছে আৰু সদায়েই থাকিব ৷