চিটাৰা ডেস্ক, 21 ছেপ্তেম্বৰ : 41 বছৰীয়া হ’ল বলীউডৰ বেবো(Bebo) ৷ 1980 চনৰ আজিৰ দিনটোতে বলীউডৰ প্ৰথমটো পৰিয়াল তথা বৃহত্তৰ কাপুৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰ খানে(Kareena Kapoor Khan) ৷ অভিনেতা ৰণধীৰ কাপুৰ আৰু ববীতাৰ কনিষ্ঠ কন্যা কৰীণা ৷
বলীউডৰ 20 বছৰীয়া যাত্ৰাত কৰীণাই দৰ্শকৰ হৃদয় স্পৰ্শ কৰি অন্যতম জনপ্ৰিয় অভিনেত্ৰীৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ চামেলী(Chameli)ৰ পৰা উড়তা পাঞ্জাৱ(Udta Punjab)লৈকে প্ৰতিটো চৰিত্ৰই নিখুঁতভাৱে ৰূপায়ন কৰি দৰ্শকৰ মনত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হয় বেবোৱে ৷ চুপাৰষ্টাৰ কৰীণাৰ অভিনয়ৰ লগতে বোল্ড(Bold) লুকে দৰ্শকৰ মনত অন্য এক স্থান লাভ কৰে ৷
‘চামেলী’ ছবিখনৰ সৈতে বলীউডৰ কেৰিয়াৰ আৰম্ভ কৰা কৰীণাৰ অভিনয় যাত্ৰা সহজ নাছিল ৷ বহু প্ৰত্যাহ্বানক নেওচি, বহু সমালোচনাৰ মুখামুখি হৈ অভিনয় জগতত সফলতা লাভ কৰিছে কৰীণাই ৷ অভিনেত্ৰীগৰাকীৰ ওপজা দিনত আহক আলোচনা কৰো তেওঁৰ পাঁচটা বোল্ড লুকৰ বিষয়ে...
চামেলী(Chameli):2004 চনত মুক্তি লাভ কৰা ‘চামেলী’(Chameli) ছবিখনত কৰীণাৰ বোল্ড লুকে খলকনি তুলিছিল বলীউডত ৷ অভিনয়ৰ উপৰিও কৰীণাৰ লুকটো পছন্দ কৰিছিল দৰ্শকে ৷ ছবিখনৰ বাবে কৰীণাই সেই বছৰতে এক বিশেষ শ্ৰেণীত ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷
দেৱ(Dev): ছবিখনত কৰীণাই ৰূপায়ন কৰা ‘আলিয়া’ৰ চৰিত্ৰটোৱে নেটিজেনছক ইমানেই প্ৰভাৱিত কৰিছিল যে, বহু সময়ত কৰীণাই চৰিত্ৰটোৰ বাবে সমালোচনাৰো সন্মুখীন হৈছিল ৷ লগতে ছবিখনত কৰা কৰীণাৰ অভিনয়ে দৰ্শকক মন্ত্ৰমুগ্ধও কৰিছিল ৷ ‘দেৱ’ ছবিখনৰ বাবে কৰীণাই ফিল্মফেয়াৰত ’শ্ৰেষ্ঠ অভিনেত্ৰী’ৰ বঁটা লাভ কৰিছিল ৷