চিটাৰা ডেস্ক, 23 ছেপ্তেম্বৰ : অসমীয়া বোলছবি জগতৰ লগতে ৰাষ্ট্ৰীয় টেলিভিছন আৰু বলীউডত অসমৰ নাম উজ্বলোৱা এগৰাকী অভিনেতা হৈছে দিগন্ত হাজৰিকা(Diganta Hazarika) ৷ আজি 37 বছৰ বয়সত ভৰি দিলে অভিনেতাগৰাকীয়ে ৷ 1984 চনৰ 23 ছেপ্তেম্বৰত নগাঁও জিলাত জন্মগ্ৰহণ কৰিছিল দিগন্ত হাজৰিকাই ৷
এগৰাকী মডেল হিচাপে ভাৰতীয় মনোৰঞ্জন জগতত ভুমুকি মাৰিছিল দিগন্তই ৷ ইয়াৰ পূৰ্বে চুটি অসমীয়া ছবি ‘কি নাম দি মাতিম’ৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ ঘটিছিল দিগন্ত হাজৰিকাৰ ৷ এনেদৰে অভিনয় যাত্ৰা আৰম্ভ কৰি তেওঁ পৰৱৰ্তী সময়ত পূৰ্ণাংগ অসমীয়া ছবি ৰ’দ, ৰিচাং আৰু অনুৰাধাত অভিনয় কৰাৰ সুযোগ লাভ কৰে ৷
বলীউডত কাম কৰাৰ পূৰ্বে দিগন্তই 2014 চনত ষ্টাৰ প্লাছ(Star Plus)ত সম্প্ৰচাৰ হোৱা ‘এভাৰেষ্ট’(Everest) শীৰ্ষক ধাৰাবাহিকখনত ‘চান্দ হাজৰিকা’ নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল ৷ ধাৰাবাহিকখনত অভিনয় কৰি দিগন্তই দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল ৷
ইয়াৰ পাচতে 2016 চনত মুক্তি লাভ কৰা জনপ্ৰিয় ঐতিহাসিক(Historical) ছবি ‘মহেঞ্জোদাৰো’(Mahenjo Daro)ত কাম কৰাৰ সুযোগ পাইছিল দিগন্তই ৷ ছবিখনত হৃত্বিক ৰোশন আৰু পূজা হেগড়েৰ সৈতে দিগন্ত হাজৰিকাৰ অভিনয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিছিল ৷ ছবিখনে বক্স অ’ফিচত 107.75 কোটি টকা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ এয়া দিগন্তৰ অন্য এক সফলতা ৷