অসম

assam

বলীউডৰ Bubbly Singer মোনালী ঠাকুৰলৈ ওপজা দিনৰ ওলগ...

By

Published : Nov 3, 2021, 8:49 AM IST

36 বছৰীয়া হ’ল বলীউডৰ কণ্ঠশিল্পী মোনালী ঠাকুৰ(Monali Thakur) ৷ লাখ লাখ অনুৰাগী মোনালীৰ কণ্ঠৰ বাবে উন্মাদ । মোনালীলৈ জন্মদিনৰ শুভেচ্ছা...

Monali Thakur birthday
মোনালী ঠাকুৰৰ জন্মদিন

চিটাৰা ডেস্ক, 3 নৱেম্বৰ : সুমধুৰ কণ্ঠৰে সংগীতপ্ৰেমীৰ হৃদয় জয় কৰা বলীউডৰ কণ্ঠশিল্পী মোনালী ঠাকুৰ(Monali Thakur)ৰ আজি জন্মদিন ৷ 1985 চনৰ আজিৰ দিনটোতেই কলকাতাৰ এটি বঙালী সম্প্ৰদায়ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মোনালীয়ে ৷ তেওঁ বলীউডৰ ‘চৱাৰ লু’, ‘মোহ মোহ কে ধাগে’, ‘বদ্ৰী কী দুলহনীয়া’ আদি বহুকেইটা চুপাৰহীট গীতত কণ্ঠ নিগৰাই সকলোৰে পৰা অভূতপূৰ্ব মৰম লাভ কৰিবলৈ সক্ষম হৈছে ৷

মোনালী ঠাকুৰ

স্কুল-কলেজৰ সংগীত প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি ‘ইণ্ডিয়ান আইডল-2’ লৈকে মোনালীৰ সংগীত যাত্ৰা সহজ নাছিল ৷ ইয়াৰ পাচতে তেওঁৰ বলীউডৰ সংগীতৰ যাত্ৰা আৰম্ভ হয় ৷ ইণ্ডিয়ান আইডল-2ৰ পৰা এলিমিনেট হোৱাৰ পাচত বিচাৰক অনু কাপুৰে মোনালীক ‘জান-এ-মন’ ছবিখনত কণ্ঠদান কৰাৰ সুযোগ দিয়ে ৷

মোনালী ঠাকুৰ

পৰৱৰ্তী সময়ত ক্ৰমান্বয়ে সংগীতকাৰ প্ৰীতম চক্ৰৱৰ্তীৰ নিৰ্দেশনাত ‘ৰেচ’ ছবিখনৰ ‘খাৱ দেখে’ গীতটিত কণ্ঠ নিগৰায় মোনালী ঠাকুৰে ৷ ইয়াৰ উপৰিও মোনালীয়ে ‘জাৰা জাৰা টাট্চ মি’, ‘ৰঘুপতি ৰাঘৱ’, ‘অনজানা-অনজানী’, ‘ঢোল বাজে’ আদি গীত গাই বহুকেইটা ৰাষ্ট্ৰীয় সংগীত বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷

মোনালী ঠাকুৰ

গীত গোৱাৰ লগতে সংগীতৰ ৰিয়েলিটি শ্ব’ ‘চা ৰে গা মা পা লিটল চেম্পছ’ত বিচাৰকৰ যোগ্যতাও লাভ কৰিছে মোনালীয়ে ৷ হিন্দী গীতৰ লগতে তেওঁ মাতৃভাষা বঙালীতো বহুতো গীত গাইছে ৷ বঙালী সংগীত জগতত মোনালীৰ এক সুকীয়া নাম আছে ৷ হিয়া-মন জুৰ পৰা কণ্ঠৰে সকলোৰে হৃদয় জয় কৰিছে মোনালীয়ে ৷

মোনালী ঠাকুৰ

লাখ লাখ অনুৰাগী তেওঁৰ কণ্ঠৰ বাবে উন্মাদ । এইদৰে আগলৈও ন-ন গীতেৰে সংগীতপ্ৰেমীসকলক মোহিত কৰাৰ কামনাৰে মোনালী ঠাকুৰলৈ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা থাকিল ওপজা দিনৰ অলেখ শুভকামনা ৷

লগতে পঢ়ক :ৰাজ কুন্দ্ৰাই ত্যাগ কৰিলে টুইটাৰ-ইনষ্টাগ্ৰাম

ABOUT THE AUTHOR

...view details