চিটাৰা ডেস্ক, 25 জানুৱাৰী : বিগ বছ 15 ৰ শেষৰটো টাস্কে দৰ্শকৰ বাবে লৈ আনিব মনোৰঞ্জনৰ ধেৰ বতৰা ৷ প্ৰেমিক কুন্দ্ৰাক লৈ ঈৰ্ষাত জ্বলি-পকি তেজস্বীয়ে শামিতাক আণ্টি বুলি সম্বোধন কৰা দেখিবলৈ পাব দৰ্শকে (Tejasswi calls Shamita Aunty) ৷
বিগ বছ 15 ৰ শেষৰটো টাস্কত তেজস্বী আৰু শামিতা হ’ব হোটেলৰ কৰ্মচাৰী ৷ আন প্ৰতিযোগী সকলে অতিথিৰ চৰিত্ৰ ৰূপায়ন কৰিব ৷ সম্প্ৰচাৰ হ’বলগীয়া এইটো খণ্ডত লাইভ দৰ্শকো থাকিব যিসকলে নিজৰ মন পছন্দৰ কোনোবা এজন প্ৰতিযোগীৰ হকে ভোটদান কৰিব ৷
টাস্কৰ সময়ত তেজস্বীয়ে কৰণক মালিচ দিব লগীয়া হয় য’ত কৰণে অসন্তুষ্টি প্ৰকাশ কৰা দেখা যাব ৷ তেজস্বীৰ পিছতেই শামিতাই কৰণক মালিচ দিয়ে যি কাৰ্যত অসুৰক্ষিত অনুভৱ কৰি তেজস্বীয়ে শামিতাক ঠাট্টা কৰা আৰম্ভ কৰে ৷ আগতে কাহানিও টাস্ক মনোযোগেৰে নকৰাৰো অভিযোগ জাপি দিয়ে তেজস্বীয়ে শামিতাৰ ওপৰত ৷
এটা সাধাৰণ মালিচ বুলি কৈ শামিতাই নিজকে তেজস্বীৰ আক্ৰমণৰ পৰা বচোৱাৰ চেষ্টা কৰে ৷ কথাৰ কটাকটিয়ে পিছলৈ ভয়াৱহ ৰূপ লয়, য’ত তেজস্বীয়ে শামিতাক ‘আণ্টি’ বুলি সম্বোধন কৰিব ৷ তাত উপস্থিত থকা লাইভ দৰ্শকৰ বাবে এই সকলোবোৰ কৰা হৈছে য’ত শামিতায়ো উভতি ধৰে তেজস্বীক ৷ খঙত অগ্নিশৰ্মা হৈ শামিতাই কৰণ কুন্দ্ৰাকো গালি পৰা দেখা পাব দৰ্শকে ৷
লগতে পঢ়ক :Sonakshi gives sassy reply to a fan: বিয়াৰ কথা সোধা অনুৰাগীক এইদৰে কিয় ক’লে সোনাক্ষী সিন্হাই