চিটাৰা ডেস্ক, ৬ জানুৱাৰী: বুধবাৰে বলীউডৰ প্ৰবীণ অভিনেতা অমিতাভ বচ্চনৰ এটা ফেচবুক পোষ্টে উদ্বিগ্নতা বৃদ্ধি কৰিছে অনুৰাগীৰ মাজত । এখন ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে যে, 'লাডাখলৈ গৈছিলো আৰু উভতিলো । তাপমাত্ৰা মাইনাছ ৩৩ ডিগ্ৰী চেলছিয়াছ' । আনকি পিন্ধি থকা গৰম পোছাকে তেওঁক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে বুলি লিখিছে পোষ্টটোত । পোষ্টটো শ্বেয়ৰ কৰাৰ পিছতে ৭৯ বছৰীয়া অভিনেতাগৰাকীৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰে অনুৰাগীসকল ।
COVID-১৯ৰে যুঁজি কিছুদিন পূৰ্বে সুস্থ হৈ উঠিছে অভিনেতাগৰাকী । সেয়েহে, অনুৰাগীসকল অধিক চিন্তিত হৈ পৰিছে । এগৰাকী অনুৰাগীয়ে লিখিছে যে, 'মৰমৰ অমিত জী, আপুনি যুৱ অভিনেতাতকৈ অধিক কাম কৰি আছে । মই আপোনাৰ বাবে যথেষ্ট সুখী । আমি সকলোৱে আপোনাক ভাল পাও । অনুগ্ৰহ কৰি আপোনাৰ স্বাস্থ্যৰ যত্ন ল'ব । আমি আপোনাক বিচাৰো ।'