অসম

assam

ETV Bharat / sitara

লক ডাউনত সহযোগ কৰিবলৈ অনুৰোধ অমিতাভ বচ্চনৰ

নাগৰিকক লক ডাউনত সহযোগ কৰিবৰ বাবে অনুৰোধ জনালে বিগ বি বচ্চনে ৷ বলীউডৰ মহানায়ক অমিতাভ বচ্চনে কবিতাৰ মাধ্যমেৰে সমগ্ৰ দেশত প্ৰধানমন্ত্ৰীয়ে আৰোপ কৰা 21 দিনৰ লক ডাউন মানি চলিবলৈ অনুৰোধ জনালে ৷

By

Published : Mar 25, 2020, 6:22 PM IST

Big B pens poem urging citizens to cooperate during 21 day lock down
লক ডাউনত সহযোগ কৰিবলৈ অনুৰোধ অমিতাভ বচ্চনৰ

চিটাৰা ডেস্ক,25 মাৰ্চঃ সমগ্ৰ দেশজুৰি অব্যাহত আছে কৰ'ণা ভাইৰাছৰ আতংক ৷ ভাৰততো কোভিড-19ৰ মহামাৰী আৰু অধিক বিয়পাৰ পূৰ্বে ইয়াক ৰোধিবৰ বাবে 21 দিনৰ বাবে সম্পূৰ্ণ ভাৰত লক ডাউন ঘোষণা কৰে ৷ বলীউডৰ বহু তাৰকাই এই লক ডাউন সমৰ্থন কৰাৰ লগতে সাধাৰণ ৰাইজক এই লক ডাউন সমৰ্থন কৰিবৰ বাবে অনুৰোধ কৰা পৰিলক্ষিত হৈছে ৷

লক ডাউনত সহযোগ কৰিবলৈ অনুৰোধ অমিতাভ বচ্চনৰ

বুধবাৰৰ দিনটোত মহানায়ক অমিতাভ বচ্চনে নিজৰ ব্লগত এটা কবিতা লিখি জনসাধাৰণক লক ডাউনক সমৰ্থন কৰিবলৈ অনুৰোধ জনায় ৷ তেওঁ লিখে, ''हाथ हैं जोड़ते विनम्रता से आज हम, सुनें आदेश प्रधान का , सदा तुम और हम, ये बंदिश जो लगी है, जीवदायी बनेगी, 21 दिनों का संकल्प निश्चित Corona दफ़नाएगी ”

ইয়াৰোপৰি নিজৰ টুইটাৰ একাউন্টত নিজৰ হাঁহিমুখীয়া এখন ফটো দি অমিতাভ বচ্চনে লিখে," समझ गया दिल ये भी अब तो समझाने से, लड़ी जाएगी ये लड़ाई अब आशियाने से, मिलकर नहीं अलग अलग लड़ना है हमें, मैं लड़ता अपने तुम लड़ो अपने ठिकाने से, घर में हो तुम इसे क़ैद न समझो मेरे यार, कट जाएंगे दिन ये तेरे मेरे मुस्कुराने से."

এইখিনিতে জনাই থওঁ যে, ইয়াৰ পূৰ্বেও বিশিষ্ট অভিনেতাগৰাকীয়ে নিজৰ চ'ছিয়েল মিডিয়া যোগে কোভিড-19ৰ প্ৰতি দেশৰ জনতাক জাগ্ৰত কৰিবৰ বাবে কিছু ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰিছিল ৷

লগতে পঢ়কঃজনতা কাৰ্ফিউৰ সন্দৰ্ভত কবিতা লিখিলে আয়ুষ্মান আৰু কৃতীয়ে

ABOUT THE AUTHOR

...view details