অসম

assam

By

Published : Jul 20, 2020, 1:43 PM IST

ETV Bharat / sitara

বিগ বি অমিতাভ বচ্চনৰ স্বাস্থ্য কৰ্মীসকললৈ কবিতা সমৰ্পন

স্বাস্থ্য কৰ্মীসকলৰ অক্লান্ত পৰিশ্ৰম আৰু নিঃস্বাৰ্থ কৰ্মৰ প্ৰতি সঁহাৰি জনাই বিগ বি অমিতাভ বচ্চনে তেওঁৰ পিতৃ হৰিবংশ ৰায় বচ্চনৰ দ্বাৰা ৰচিত এটি কবিতা স্বাস্থ্য কৰ্মীসকলৰ নামত সমৰ্পন কৰে ৷

Big B Amitabh Bachchan dedicates poetry to heatlh care workers
বিগ বি অমিতাভ বচ্চনৰ স্বাস্থ্য কৰ্মীসকললৈ কবিতা সমৰ্পন

চিটাৰা ডেস্ক, 20 জুলাই : বিগ বি অমিতাভ বচ্চনে দেওবাৰে তেওঁৰ পিতৃ হৰিবংশ ৰায় বচ্চনৰ স্ব-ৰচিত এটি কবিতা স্বাস্থ্য কৰ্মীসকলৰ নামত সমৰ্পন কৰে, যিসকলে ৰোগীসকলক সুৰক্ষিত কৰি ৰাখিবলৈ অহৰহ প্ৰয়াস কৰি আছে ৷

77 বৰ্ষীয় মেগাষ্টাৰ গৰাকীয়ে তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টযোগে সদৰি কৰে যে, "বাবুজীৰ মন্তব্য...তেওঁলোকৰ বাবে, যিসকলে আমাক ৰক্ষা কৰাৰ হেতু অক্লান্ত পৰিশ্ৰম আৰু নিঃস্বাৰ্থভাৱে কৰ্ম কৰি আছে" ৷

তেওঁ কয় যে, "I am standing with them, who keep their spine straight, who can never let down their right to justice, even if they are single, or among a crowd of many, I am standing with them who keep their spine straight."

উক্ত কবিতাৰ মাধ্যমেৰে বিগ বিয়ে পেঞ্চিলেৰে অংকণ কৰা দুখন ক'লাজ স্কেটছো শ্বেয়াৰ কৰে ৷ প্ৰথমটো স্কেটছত এগৰাকী স্বাস্থ্য কৰ্মীয়ে মুখত মাস্ক পিন্ধি হাতত গোলাপ ফুল লৈ থকা আৰু দ্বিতীয়খন মুখত হাত থোৱা তেওঁৰ নিজৰ স্কেটছ শ্বেয়াৰ কৰে অভিনেতা গৰাকীয়ে ৷

বিগ বি অমিতাভ বচ্চনৰ স্বাস্থ্য কৰ্মীসকললৈ কবিতা সমৰ্পন

উল্লেখ্য যে, ক'ভিড-19ত আক্ৰান্ত হোৱাৰ পাচত বিগ বি অমিতাভ বচ্চনসহ পুত্ৰ অভিনেতা অভিষেক বচ্চনো আইশ্ব'লেচনত আছে ৷ ইয়াৰ লগতে, বোৱাৰী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যা বচ্চনকো ক'ভিড-19ৰ সঠিকৰূপে চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷

লগতে পঢ়ক : ৰাজস্থান ৰাজনৈতিক বিবাদ : উচ্চ ন্যায়ালয়ত পাইলটৰ গোচৰৰ শুনানি আৰম্ভ

ABOUT THE AUTHOR

...view details