চিটাৰা ডেস্ক,৭ নৱেম্বৰ :বলীউডৰ তাৰকা তথা 'বিগ বি' অমিতাভ বচ্চন অভিনীত ছবি 'সাত হিন্দুস্তানী'ৰ (Saat Hindustani) মুক্তিৰ ৫২ বছৰ সম্পূৰ্ণ । 'সাত হিন্দুস্তানী' আছিল অমিতাভ বচ্চনৰ প্ৰথমখন ছবি । এই বিশেষ মুহুৰ্তত অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামত (Instagram) নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে । এক নষ্টালজিক কেপচনৰ সৈতে অভিনেতাগৰাকীয়ে স্মৰণ কৰে ছবিখনৰ মুক্তিৰ দিনটো ।
তেওঁ পোষ্টটোত উল্লেখ কৰা মতে ১৯৬৯ চনৰ ১৫ ফেব্ৰুৱাৰীত তেওঁ ছবিখনৰ বাবে চুক্তিবদ্ধ হৈছিল আৰু ১৯৬৯ চনৰ ৭ নৱেম্বৰত ছবিখনে মুক্তি লাভ কৰিছিল । চলচ্চিত্ৰ উদ্যোগৰ আন আন সহ শিল্পী আৰু অনুৰাগীসকলেও পোষ্টটো লাইক কৰাৰ লগতে বিভিন্ন ধৰণৰ কমেন্ট দিয়ে । অভিনেতা টিস্কা চোপ্ৰাই পোষ্টটোত কমেন্ট কৰি কয় যে ইয়াৰ পৰাই ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত এক উজ্জ্বল অধ্যায়ৰ আৰম্ভ হৈছিল ।