অসম

assam

ETV Bharat / sitara

টি-ছিৰিজৰ প্ৰযোজনাত নিৰ্মাণ হ'ব মুম্বাই চাগা - ETV BHARAT

টি ছিৰিজৰ মু্খ্য পৰিচালন সঞ্চালক ভুষন কুমাৰে এইবৰ্ষত প্ৰযোজনা কৰিব 20 খনকৈ চিনেমা ৷

টি ছিৰীজৰ প্ৰযোজনাত নিৰ্মাণ হ'ব মুম্বাই চাগা

By

Published : Jun 15, 2019, 7:40 PM IST

নিউজ ডেস্ক,15 জুন: বাণিজ্যিক বিশ্লেষকৰ তথ্য অনুসৰি ভূষন কুমাৰ আৰু চলমান খানৰ ছবি ভাৰতে শেহতীয়াকৈ 9 দিনত উপাৰ্জন কৰে 170 কোটি টকা৷ এইবাৰ সঞ্জয় গুপ্তাই পৰিচালনা কৰিব লগা চিনেমা মুম্বাই চাগাৰ প্ৰযোজনা কৰিব ভূষন কুমাৰে৷ হিন্দী ছবি জগতত ইতিমধ্যে 25টা বৰ্ষ সম্পূৰ্ণ কৰা সঞ্জয় গুপ্তা এইবাৰ সাজু হৈছে টি চিৰিজৰ প্ৰযোজনাত নিৰ্মাণ হ'ব লগা ছবি মুম্বাই চাগা পৰিচালনাৰ বাবে৷ ছবিখনৰ পটভূমি হৈছে 1980-90 দশকৰ বোম্বাইৰ পৰা মুম্বাই হোৱা পৰিৱৰ্তনসমূহৰ লগতে মুম্বাইৰ গেংষ্টাৰ সমূহৰ ওপৰত আধাৰিত৷

ছবি খনত দেখা পোৱা যাব জন আব্ৰাহাম,ইমৰাণ হাছমী,জেকী শ্ৰফ,সুনীল চেট্টী,প্ৰতীক বাব্বৰ,গুলচন গ্ৰোভাৰ,ৰোহিত ৰয়,আমোল গুপ্তেৰ লগতে আৰু বহু অভিনেতা ৷

ছবিখনৰ বিষয়ত প্ৰযোজক ভূষন কুমাৰে জনায় যে মুম্বাই চাগা হৈছে তেওঁলোকৰ প্ৰথমখন গেংষ্টাৰ জেন'ৰে চিনেমা আৰু এইখন পৰিচালনা কৰিব সঞ্জয় গুপ্তাই৷

ছবি খন এক সত্য ঘটনাৰ ওপৰত আধাৰিত৷ 2020 চনত ছবিখন মু্ক্তি দিয়াৰ পৰিকল্পনা কৰিছে নিৰ্মাতাসকলে৷

ABOUT THE AUTHOR

...view details