চিটাৰা ডেস্ক, 28 ডিচেম্বৰঃ ছবি নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ আগন্তুক ছবি গংগুবাই কাথিয়াবাড়ীৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰিব বি টাউনৰ চুলবুলি খ্যাত অভিনেত্ৰী আলিয়া ভাটে ৷ শুকুৰবাৰে আৰম্ভ হয় ছবিখনৰ শ্বুটিঙৰ কাম ৷
ভাঞ্চালী প্ৰডাকচনে ছবিখনৰ শ্বুটিঙ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে চ'ছিয়েল মিডিয়াৰ মাধ্যমেৰে ৷ কেপচন দিয়ে, " অচ্ছী চীজে অপনে ৰাস্তে পৰ হে অৰ আপ নয়ে চাল মে দেখেংগে #GangubaiKathiawadi Cinemas 11 sept 2020 মে " ৷
এই ছবিখন হুছেইন জেইদিৰ গ্ৰন্থ মাফিয়া কুইনচ অফ মুম্বাইৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছে ৷ আলিয়া ভাটে ছবি নিৰ্মাতাৰ লগত এই নতুন যাত্ৰাৰ বাবে যথেষ্ট উৎসাহ প্ৰকাশ কৰে ৷ "চোৱা, মোক এই বছৰত ছান্টাই কি দিলে ৷" বুলি কেপচনৰ জৰিয়তে ইনষ্টাগ্ৰাম যোগে আলিয়াই এই নতুন ছবিখনৰ বিষয়ে উল্লেখ কৰে ৷
ছবিখনৰ বাবে উৎসাহী হৈ পৰাৰ লগতে সাজু হৈ উঠিছে পাৱাৰ হাউচ অভিনেত্ৰীগৰাকী ৷ উল্লেখ্য যে, ছবিখন ছবিগৃহলৈ আহিব আগন্তুক বৰ্ষৰ 11 ছেপ্টেম্বৰ তাৰিখে ৷