চিটাৰা ডেস্ক,2জুলাইঃসুশান্ত সিং ৰাজপুতৰ আত্মহত্যা ঘটনাক কেন্দ্ৰ কৰি বান্দ্ৰা পুলিচে অব্যাহত ৰাখিছে নিজৰ তদন্ত প্ৰক্ৰিয়া ৷ আত্মহত্যাৰ কাৰণ জনাৰ অৰ্থে বৰ্তমানলৈকে বহু তাৰকাক সোধ-পোছ কৰিছে বান্দ্ৰা আৰক্ষীয়ে ৷
সুশান্ত সিঙৰ আত্মহত্যাক কেন্দ্ৰ কৰি সঞ্জয় লীলা ভাঞ্চালীলৈ চমন ইতিমধ্যে প্ৰায় 28 গৰাকী ব্যক্তিক এই সন্দৰ্ভত সোধ-পোছ কৰিছে মহাৰাষ্ট্ৰৰ বান্দ্ৰা আৰক্ষীয়ে ৷ শেহতীয়াকৈ ছবি নিদেৰ্শক সঞ্জয় লীলা ভাঞ্চালীকো সোধ-পোছ কৰাৰ অৰ্থে আৰক্ষীয়ে তেওঁলৈ চমন প্ৰেৰণ কৰিছে ৷
সোধ-পোছৰ কাৰণ এইটোৱে যে, দুবাৰকৈ সঞ্জয় লীলা ভাঞ্চালীয়ে অভিনেতা সুশান্ত সিং ৰাজপুতক ছবিৰ অফাৰ দিছিল আৰু পিছত দুই বাৰেই তেওঁৰ হাতৰ পৰা গুচি গৈছিল ছবি দুখন ৷ ছবি দুখন কিবা নহয় কিবা কাৰণত সুশান্তৰ হাতৰ পৰা গুচি গৈছিল ৷ ইয়াৰ আঁৰৰ প্ৰকৃত কথাটো জানিবৰ বাবেই আৰক্ষীয়ে তেওঁলৈ চমন প্ৰেৰণ কৰিছে ৷
লগতে পঢ়কঃঅভিনেতা মনোজ বাজপেয়ীৰ মনলৈও আহিছিল আত্মহত্যাৰ দুশ্চিন্তা