চিটাৰা ডেস্ক, ২৩ মে': দেওবাৰে টাইগাৰ শ্ৰফ আৰু কৃতী সেনন অভিনীত ছবি হিৰোপান্তিৰ মুক্তিৰ ৭ বছৰ সম্পূৰ্ণ হয় । এই উপলক্ষে অভিনেত্ৰী কৃতি সেননে ছবিখন ৭ বছৰ সম্পূৰ্ণ কৰাত এক মাইলৰ খুঁটি বুলি মন্তব্য কৰে ।
কৃতীৰ প্ৰথম অভিনীত ছবি হিৰোপান্তিৰ সুন্দৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি কৃতিয়ে ইনষ্টাগ্ৰামত এক ভিডিঅ' শ্বেয়াৰ কৰে । ‘ছবি উদ্যোগত হিৰোপান্তিৰ ৭ বছৰ সম্পূৰ্ণ । এয়া এতিয়ালৈকে এক সুন্দৰ যাত্ৰা । তেওঁৰ জীৱনৰ এয়াই সৰ্বশ্ৰেষ্ঠ পৰ্যায়’ বুলি কয় কৃতীয়ে ।