অসম

assam

ETV Bharat / sitara

ধৰ্ষণৰ অভিযুক্তৰ সৈতে 'বেল বটম' ছবিখনৰ কোনো সম্পৰ্ক নাইঃ কাষ্টিং ডাইৰেক্টৰ - নিৰপেক্ষ তদন্ত

'বেল বটম' ছবিখনৰ কাষ্টিং ডাইৰেক্টৰ বৈভৱ বিশান্তই সোমবাৰে এক বিবৃতিত আয়ুস তিৱাৰী নামৰ এজন লোক ছবিখনৰ সৈতে কোনো ধৰণৰ জড়িত নাই বুলি প্ৰকাশ কৰিছে ৷ পৰিচালক গৰাকীয়ে বিবৃতিযোগে প্ৰকাশ কৰিছে এই তথ্য ৷

'Bell Bottom' casting director says rape accused had nothing to do with film
ধৰ্ষণৰ অভিযুক্তৰ সৈতে 'বেল বটম' ছবিখনৰ কোনো ধৰণৰ সম্পৰ্ক নাই

By

Published : Dec 1, 2020, 7:14 PM IST

চিটাৰা নিউজ, 1 ডিচেম্বৰ : 'বেল বটম' ছবিখনৰ কাষ্টিং ডাইৰেক্টৰ বৈভৱ বিশান্তই সোমবাৰে এক বিবৃতিত আয়ুস তিৱাৰী নামৰ এজন লোক ছবিখনৰ সৈতে কোনো ধৰণৰ জড়িত নাই বুলি প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, বলীউদৰ এগৰাকী অভিনেতাই তিৱাৰীৰ ওপৰত ধৰ্ষণৰ অভিযোগ প্ৰদান কৰাৰ পিচতো পৰিচালক গৰাকীয়ে এই বিবৃতি প্ৰকাশ কৰিছে আৰু অভিনেতা গৰাকীৰ অভিযোগৰ ভিত্তিতে মুম্বাইৰ বৰ্সোবা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 376 ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰিছে ৷

পৰিচালক গৰাকীয়ে আকৌ কয় যে, ছবিখন জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে ৷ মই ছবিখনৰ কাষ্টিং ডাইৰেক্টৰ ৷ গতিকে আয়ুস তিৱাৰী নামৰ ব্যক্তিজনৰ ছবিখনৰ লগত কোনো ধৰণৰ সম্পৰ্ক নায় ৷

উল্লেখ্য যে, পৰিচালক গৰাকীয়ে বিবৃতিত আৰক্ষীক এক নিৰপেক্ষ তদন্ত কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে সংবাদ মাধ্যমক ব্যক্তি গৰাকীৰ সৈতে ছবিখনক সাঙুৰি কোনো ধৰণৰ বাতৰি সম্প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক :24 ঘন্টাত দেশত 31,118 জন লোক ক'ৰণাত আক্ৰান্তঃ অসমত 159 জন

ABOUT THE AUTHOR

...view details