চিটাৰা ডেস্ক, ১১ আগষ্ট: মাত্ৰ নিশাৰ ভিতৰতে চৰ্চিত হৈ পৰিছিল এটি গীত । ছ'চিয়েল মিডিয়াত কেৱল 'বচপন কা প্যাৰ'(Bachpan Ka Pyaar)ৰ চৰ্চা । সহদেৱ দিৰ্দো(Sahdev Dirdo) নামৰ এটি ১০ বছৰীয়া কিশোৰে কণ্ঠদান কৰা এই গীতটি ভাইৰেল হৈ পৰিছিল । বুধবাৰে এই গীতটিৰ নতুন সংস্কৰণ মুকলি কৰিছে ৰেপাৰ বাদশ্বাহে(Badshah) ।
এই গীতটিত সহদেৱ দিৰ্দোৰ সৈতে কণ্ঠ নিগৰাইছে আস্থা গীলেও । বাদশ্বাহে গীতটি মুক্তি দিয়াৰ কথা ঘোষণা কৰি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এখন ফটোত তেওঁৰ সৈতে সংগীতশিল্পী ৰিক'কো দেখা গৈছে । সহদেৱৰ সৈতে এই গীতটিত কণ্ঠদান কৰা সন্দৰ্ভত বাদশ্বাহে কয় যে, "বচপন কা প্যাৰ" বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছে । আস্থা, ৰিক' আৰু তেওঁ নিজে বৰ্তমানৰ নায়ক স্বৰূপ সহদেৱৰ সৈতে কাম কৰিবলৈ পাই যথেষ্ট আনন্দিত হৈছে বুলি বাদশ্বাহে জানিবলৈ দিয়ে ।
এই মিউজিক ভিডিঅ'টো মুক্তি দিয়াৰ কথা ঘোষণা কৰি তেওঁ সহদেৱৰ প্ৰশংসা কৰে । লগতে এই গীতটিয়ে ইনষ্টাগ্ৰাম ৰিলৰ টিজাৰৰ দৰে অনুৰাগীৰ সমাদৰ লাভ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।