চিটাৰা ডেস্ক, 16 মে’ : প্ৰয়াত বলীউড অভিনেতা ইৰফান খানৰ পুত্ৰ বাবীল খানে ছ’চিয়েল মিডিয়াযোগে মাতৃ সুতাপা সিকদাৰৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি এটি আবেগিক মন্তব্য দাঙি ধৰে ৷
ফটোখনৰ কেপচনত বাবীলে কয় যে, তেওঁলোকৰ দুখৰ পৃষ্ঠাৰ সামৰণি পেলাই তেওঁ মাতৃ সুতাপাৰ স্বাৰ্থপৰভাৱে যত্ন ল’ব বিচাৰে ৷
দেওবাৰে ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰা ফটোখনত মাতৃ সুতাপাক কেমেৰাত প’জ দি থকা পৰিলক্ষিত হৈছে ৷ বাবীলে কয় যে, তেওঁ অনুশোচনা কৰিছে ৷
তেওঁৰ মাতৃ সদায় তেওঁৰ লগত আছে ৷ লগতে মাতৃক দুখ দিয়া বুলি কৈ ক্ষমাও খুজিছে বাবীলে ৷ গতিকে আগলৈ স্বাৰ্থপৰ হৈ মাতৃৰ যত্ন ল’ব বিচাৰে বাবীলে ৷
লগতে পঢ়ক :আৰ্তজনৰ কাষত অভিনেতা চনু চুড