চিটাৰা ডেস্ক,28 এপ্ৰিল: বলীউডৰ তাৰকা আয়ুষ্মান খুৰানা আৰু পত্নী তাহিৰা কাশ্যপে ক’ভিড মহামাৰীত আক্ৰান্ত লোকসকলক সহায় কৰিবলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সাহায্য পূঁজিলৈ অৰিহণা আগবঢ়ায় ৷
মঙলবাৰে এক ইনষ্টাগ্ৰাম প’ষ্টযোগে আয়ুষ্মানে প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জনাই, যিয়ে দম্পতীটোক এই কামত অনুপ্ৰেৰণা যোগাই আহিছে ৷ প’ষ্টযোগে তেওঁ কয় যে, বিগত বৰ্ষৰ পৰা কৰ’ণা মহামাৰীৰ সৈতে মোকাবিলা কৰি অহা লোকসকলৰ সৈতে থিয় দিছে আয়ুষ্মান আৰু পত্নী তাহিৰাই ৷