অসম

assam

ETV Bharat / sitara

আয়ুষ্মান অভিনীত গব্ৰু গীতটিলৈ দৰ্শকৰ সমাদৰ - শুভ মংগল জ্যাদা সাৱধানৰ নতুন গীত 'গব্ৰু'

আয়ুষ্মান খুৰাণা অভিনীত নতুন ছবি শুভ মংগল জ্যাদা সাৱধানৰ নতুন গীত 'গব্ৰু'য়ে মুক্তিৰ এদিনৰ ভিতৰত অতিক্ৰম কৰে 10 মিলিয়ন ভিউজ ৷

ayushman starrer gabru song mints ten million views
আয়ুষ্মান খুৰাণা

By

Published : Jan 29, 2020, 11:14 AM IST

মুম্বাই,29 জানুৱাৰীঃ আয়ুষ্মান খুৰাণা অভিনীত ছবিশুভ মংগল জ্যাদা সাৱধানৰ নতুন গীত 'গব্ৰু'য়ে মুক্তিৰ এদিনৰ ভিতৰত ইউ টিউবত অৰ্জন কৰিছে 10 মিলিয়ন ভিউজ ৷ 35 বছৰীয়া অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰাম যোগে এই কথা প্ৰকাশ কৰি লিখে যে তেওঁৰ নতুন গীতটোৱে অতিক্ৰম কৰিছে 10 মিলিয়ন ভিউজ ৷ লগতে আপুনিও তাৰ মাজত এগৰাকী নেকি বুলি এটা প্ৰশ্ন ঠেলি দিয়ে দৰ্শকলৈ ৷

সোমবাৰে, পাঞ্জাৱী হিট গীত গাব্ৰু নতুন সংস্কৰণ ৰূপত নিৰ্মাণ কৰা হৈছে শুভ মংগল জ্যাদা সাৱধানৰ এই বিশেষ গীতটো ৷ গীতটোত ছবিখনৰ মুখ্য অভিনেতা আয়ুষ্মান খুৰাণাই এক বিশেষ ভংগীমাৰে জিতেন্দ্ৰ কুমাৰৰ সৈতে নৃত্য পৰিৱেশন কৰিছে ৷ কেৱল নৃত্য পৰিৱেশন কৰাই নহয় সমকামী পুৰুষৰ প্ৰেমৰ এক সুন্দৰ অনুভৱ দাঙি ধৰাৰ প্ৰয়াস কৰিছে ৷ ইজনে আনজনক গীতটিত চুম্বন কৰা ধৰণৰ দৃশ্যও পৰিলক্ষিত হৈছে ৷ এনেধৰণৰ ব্যতিক্ৰমী ধাৰাৰে এক নতুন দিগন্তৰ সূচনা কৰাৰ প্ৰয়াস কৰিছে ছবি নিৰ্মাতাসকলে ৷

ছবিখন পৰিচালনা কৰিছে, হিতেশ কেৱলায়া আৰু নিৰ্দেশনা কৰিছে ভূষণ কুমাৰে ৷ ছবিখনত আয়ুষ্মান খুৰাণা, জিতেন্দ্ৰ কুমাৰৰ উপৰিও অভিনয় কৰিছে নীনা গুপ্তা, মানুৰ্ষি চদ্দা, গজৰাজ ৰাওৰ দৰে প্ৰসিদ্ধ অভিনেতা-অভিনেত্ৰীয়ে ৷ এটা শক্তিশালী বাৰ্তাৰ সৈতে এই ৰোমান্টিকধৰ্মী কমেডী ছবিখন ছবিগৃহলৈ আহিব এই বৰ্ষৰে 21 ফেব্ৰুৱাৰী তাৰিখে ৷

লগতে পঢ়কঃগোৱাত নিষিদ্ধ চলমানখান

For All Latest Updates

ABOUT THE AUTHOR

...view details