অসম

assam

ETV Bharat / sitara

গৃহ চহৰত দৃশ্যগ্ৰহণ চলি থকা স্বত্বেও কিয় নিজৰ বাসগৃহত নাই আয়ুষ্মান খুৰানা ? - গৃহ চহৰত দৃশ্যগ্ৰহণ চলি থকা স্বত্বেও কিয় নিজৰ বাসগৃহত নাই আয়ুষ্মান খুৰানা ?

গৃহ চহৰ ছণ্ডিগড়ত অভিনেতা আয়ুষ্মান খুৰানাৰ আগন্তুক ছবিৰ দৃশ্যগ্ৰহণ চলি থকা স্বত্বেও তেওঁ বাস কৰা নাই নিজৰ বাসগৃহত ৷ কিয়নো তেওঁ কৰ'ণা মহামাৰীৰ কবলৰ পৰা নিজৰ পৰিয়ালটোক সুৰক্ষিত কৰি ৰাখিব বিচাৰে ৷

আয়ুষ্মান খুৰানা
আয়ুষ্মান খুৰানা

By

Published : Nov 3, 2020, 1:33 PM IST

চিটাৰা ডেস্ক, 3 নৱেম্বৰ:অভিনেতা আয়ুষ্মান খুৰানা সম্প্ৰতি ব্যস্ত তেওঁৰ পৰৱৰ্তী ছবি ছণ্ডিগড় কৰে আশ্বীকিৰ দৃশ্যগ্ৰহণত ৷ যাৰ দৃশ্যগ্ৰহণ চলি আছে তেওঁৰ গৃহ চহৰ ছণ্ডিগড়ত ৷ কিন্তু তৎসত্বেও তেওঁ থকা নাই নিজৰ বাসগৃহত ৷ এই সম্পৰ্কে অভিনেতা গৰাকীয়ে কয় যে, কৰ'ণা ভাইৰাছৰ বাবে তেওঁ নিজৰ বাসগৃহত থকা নাই গৃহ চহৰত দৃশ্যগ্ৰহণ চলি থকা স্বত্বেও ৷

অভিষেক কাপুৰৰ নিৰ্দেশনাত নিৰ্মিত ছবিখনত খুৰানাৰ বিপৰীতে অভিনয় কৰিছে অভিনেত্ৰী বাণী কাপুৰে ৷ নিজৰ পৰিয়ালৰ সদস্যক এই মহামাৰীৰ কবলত পৰিব পৰা যিকোনো সুযোগক প্ৰতিহত কৰিবলৈ তেওঁ এখন হোটেলতে থাকি দৃশ্যগ্ৰহণত নিজকে ব্যস্ত ৰাখিছে ৷

"মই এই মহামাৰীৰ ক্ষেত্ৰত অতি সাৱধানতা অৱলম্বন কৰিছো ৷ এই ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ আৰু নিজৰ পৰিয়ালকো ৰক্ষা কৰিবৰ বাবে মই পাৰ্যমানে পদক্ষেপ গ্ৰহণ কৰিছো ৷ মোৰ বাবে মোৰ পত্নী আৰু দুই সন্তানলৈ যাতে কেতিয়াও বিপদ নামি নাহে ৷ মোৰ কাম-কাজ আৰম্ভ হোৱাৰ সমান্তৰালকৈ ছণ্ডিগড়ত থকা মোৰ পিতৃ-মাতৃও সকলো সময়তে নিৰাপদ হৈ থকাটো উচিত ৷ যদিও মই মোৰ কাম পুনৰাই আৰম্ভ কৰিছো এই ক্ষেত্ৰত সদায় মোৰ পৰিয়ালক সুৰক্ষা প্ৰদান কৰিব বিচাৰো ৷" এনেদৰে উল্লেখ কৰে অভিনেতা গৰাকীয়ে ৷

লগতে পঢ়ক:মুলাপল্লী ৰামাচন্দ্ৰনক তীব্ৰ সমালোচনা গায়িকা সোণা মহাপাত্ৰৰ

ABOUT THE AUTHOR

...view details