চিটাৰা ডেস্ক, ১৯ জুলাই: স্ত্ৰীৰোগ বিশেষজ্ঞৰ চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সাজু হৈছে অভিনেতা আয়ুষ্মান খুৰানা । শীঘ্ৰেই অনুভূতি কাশ্যপে পৰিচালনা কৰা "Doctor G" শীৰ্ষক ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ সংকেত দিছে অভিনেতাগৰাকীয়ে । সোমবাৰে পুৱা ইনষ্টাগ্ৰাম পোষ্টযোগে ছবিখনৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰে অভিনেতাগৰাকীয়ে । ফটোখনত হাতত স্ত্ৰীৰোগ বিষয়ক এখন কিতাপ লৈ থকা দেখা গৈছে ।
ফটোখন শ্বেয়াৰ কৰি আয়ুষ্মানে হিন্দীত লিখিছে যে, "ডক্টৰ জি তৈয়াৰ হ' কৰ নিকল ৰহে হ্যে । অৱ হ'গি শ্বুটিং ।" বৰ্তমান "ডক্টৰ জি"ৰ দৃশ্যগ্ৰহণৰ বাবে আয়ুষ্মানসহ গোটেই দলটো মধ্য প্ৰদেশৰ ভূপাললৈ ৰাওনা হৈছে । অনেক আৰু চণ্ডিগড় কৰে আশিকীৰ পিছত "ডক্টৰ জি" হ'ব মহামাৰীৰ মাজত দৃশ্যগ্ৰহণ কৰা আয়ুষ্মানৰ তৃতীয়খন ছবি । "ডক্টৰ জি"ৰ কাহিনী সুমিত চাক্সেনা, বিশাল ৱাঘ আৰু সৌৰভ ভাৰতে লিখিছে ।