অসম

assam

ETV Bharat / sitara

শুভ মংগল জ্যাদা সাৱধানৰ ট্ৰেইলাৰ চাই কি ক'লে আয়ুষ্মানৰ পিতৃ-মাতৃয়ে - আয়ুষ্মানৰ পিতৃ-মাতৃ

আয়ুষ্মান খুৰাণাই বিগত বছৰকেইটাত ভিন্ন ধৰণৰ বিষয়বস্তু সন্নিৱিষ্ট ছবিত অভিনয় কৰি দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ মুক্তি পালে সমকামিতাৰ ওপৰত নিৰ্মিত তেওঁৰ আগন্তুক ছবি শুভ মংগল জ্যাদা সাৱধান ৷ ছবিখনৰ ট্ৰেইলাৰ চাই কি ক'লে আয়ুষ্মানৰ পিতৃ-মাতৃয়ে, জানিবলৈ পঢ়ক......

ayushmann khurrana reveals parents reaction to  subh mangal zyada sabdhan
শুভ মংগল জ্যাদা সাৱধানৰ ট্ৰেইলাৰ চাই কি ক'লে আয়ুষ্মানৰ পিতৃ-মাতৃয়ে

By

Published : Jan 23, 2020, 7:41 PM IST

চিটাৰা ডেস্ক, 23 জানুৱাৰীঃ নিজৰ প্ৰতিভাৰ জৰিয়তে বলীউডত নিজৰ এক সুকীয়া স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে আয়ুষ্মান খুৰাণাই ৷ আয়ুষ্মান খুৰাণা পুনৰবাৰ আহি আছে এটা ব্যতিক্ৰমী ধৰণৰ কাহিনীলৈ ৷ সমকামিতাৰ বিষয়বস্তু সাামৰি আহি আছে আয়ুষ্মান খুৰাণাৰ নতুন ছবি শুভ মংগল জ্যাদা সাৱধান

শেহতীয়াকৈ বালা অভিনেতাগৰাকীয়ে উল্লেখ কৰে যে, তেওঁ এই কথাটোক লৈ যথেষ্ট সুখী যে, আয়ুষ্মানৰ পিতৃ পি.খুৰাণা আৰু মাতৃ পুনমেও যথেষ্ট পচন্দ কৰিছে ছবিখনৰ ট্ৰেইলাৰ ৷ অভিনেতাগৰাকীয়ে জনাই যে, তেওঁৰ পিতৃ-মাতৃয়ে বহুবাৰ চাইছে ছবিখনৰ ট্ৰেইলাৰ আৰু যথেষ্ট আমোদ পাইছে ছবিখনৰ ট্ৰেইলাৰটো চায় ৷

সোমবাৰে শুভ মংগল জ্যাদা সাৱধানৰ ট্ৰেইলাৰটো মুক্তি পোৱাৰ পিছতে ছবিখনৰ চৰ্চা আৰম্ভ হৈছিল দেশজুৰি ৷ ট্ৰেইলাৰটোত 35 বছৰীয়া মাল্টিটেলেন্টেড অভিনেতা গৰাকীয়ে এগৰাকী সমকামী পুৰুষৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৷ ছবিখনৰ ট্ৰেইলাৰটোৱে সূচাইছে যে, ছবিখনে কমিক আন্দাজত সমাজলৈ এক বিশেষ বাৰ্তা দিয়াৰ প্ৰয়াস কৰিব ৷

অভিনেতাগৰাকীয়ে কয়, "যেতিয়া মই মা-দেউতাক ছবিখনৰ ট্ৰেইলাৰটো দেখুৱাইছিলো, তেওঁলোকে বহুত পচন্দ কৰিছিল ৷ ছবিখনৰ ট্ৰেইলাৰটো তেওঁলোকে বাৰে বাৰে চালে আৰু বহুত হাঁহিলে ৷ মই এই কথাৰ বাবে যথেষ্ট উৎসাহৰ লগতে সুখ অনুভৱ কৰিলো কাৰণ মোৰ এনে লাগিল যে ছবিখনৰ বিষয় আৰু মোৰ চৰিত্ৰটোৱে মানুহৰ মাজত সংযোগ স্থাপন কৰিব ৷"

লগতে অভিনেতাগৰাকীয়ে কয় যে, "মই সদায় নিজৰ মা-দেউতাৰ সৈতে চিনেমাৰ বিষয়ে কথা পাতো ৷ মই যেতিয়া শুভ মংগল জ্যাদা সাৱধানৰ দৰে এখন ছবিত কাম কৰিম বুলি ঘৰত জনালো তেতিয়া ঘৰৰ মানুহে মোক যথেষ্ট সহযোগ কৰে ৷" তেওঁলোকে মোক কয় যে, "তেওঁলোকে মোৰ ওপৰত গৌৰৱ অনুভৱ কৰে যে মই এনেকুৱা এখন সামাজিক বাৰ্তা দিয়া ছবি নিৰ্বাচন কৰিছো ৷ লগতে কয়, এই ছবিখন সমগ্ৰ দেশৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ ৷ বিশেষকৈ পিতৃ-মাতৃৰ বাবে কাৰণ এই ছবিখনে তেওঁলোকক সন্তানৰ বাবে এক ভাল পৰিৱেশ গঢ় দিয়াত সহায়ক হ'ব ৷ "

লগতে পঢ়কঃবিকী কৌশল আৰু কেটৰিণা কাঈফৰ প্ৰেমৰ বাতৰিয়ে ৰোমাঞ্চিত কৰি তুলিছে অনুৰাগীক

ABOUT THE AUTHOR

...view details