চিটাৰা ডেস্ক, ১ নৱেম্বৰ: ২০২২ চনৰ ১৭ জুনত ছবিগৃহত মুক্তি লাভ কৰিব আয়ুষ্মান খুৰানা অভিনীত কমেডি-ড্ৰামা "ডক্টৰ জি"(Doctor G)য়ে । জংগলী পিকচাৰ্ছে সোমবাৰে ইনষ্টাগ্ৰাম পোষ্টযোগে ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে । ছবিখনত মোহময়ী অভিনেত্ৰী ৰকুল প্ৰীত সিঙৰ লগতে শ্বেফালী শ্বাহেও অভিনয় কৰিছে । জংগলী পিকচাৰ্ছে ছবিখনৰ মুক্তিৰ দিন ঘোষণা কৰি দৰ্শকক ছবিখন উপভোগ কৰাৰ বাবে টিকট বুক কৰিবলৈ সাজু হ'বলৈ কয় ।
"ডক্টৰ জি"(Doctor G) অনুভূতি কাশ্যপ পৰিচালিত প্ৰথমখন ছবি । পূৰ্বে তেওঁ কৈছিল যে, ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে আৰু সেয়ে, তেওঁলোকে এতিয়া ছবিখন ছবিগৃহত মুক্তি দিয়াৰ বাবে প্ৰস্তুতি চলাই আছে । তেওঁ লগতে কয় যে, আয়ুষ্মান, ৰকুল প্ৰীত, শ্বেফালীৰ লগতে 'ডক্টৰ জি'ৰ গোটেই দলটোৰ সৈতে কাম কৰিবলৈ সুযোগ পাই তেওঁ সুখী । লগতে তেওঁ জংগলী পিকচাৰ্ছৰ সৈতে কাম কৰাৰ অনুভৱো প্ৰকাশ কৰে ।