চিটাৰা ডেস্ক, 28 ফেব্ৰুৱাৰী : দীপিকা পাডুকনে কেৰিয়াৰৰ আৰম্ভণিতে লাভ কৰা এটা উপদেশৰ কথা মুকলিকৈ প্ৰকাশ কৰাত এতিয়া চৰ্চিত হৈ পৰিছে বিষয়টো ৷ মডেলিং ৰ পৰা আৰম্ভ মিউজিক ভিডিঅ’ আৰু অৱশেষত হিন্দী ছবি জগতৰ শীৰ্ষ অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰা এই দীঘলীয়া সময়ছোৱাত দীপিকাই লাভ কৰে নানা অভিজ্ঞতা (Deepika journey in glamour world) ৷
অভিনেত্ৰী গৰাকীৰ কৈশোৰাৱস্থাত নিজকে অধিক আকৰ্ষণীয় কৰি তুলিবলৈ উপদেশ লাভ কৰিছিল দীপিকাই ৷ এখন ফিল্ম মেগাজিনৰ সৈতে হোৱা সাক্ষাৎকাৰত দীপিকাই প্ৰকাশ কৰিছে কিং খানৰ পৰা লাভ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ ভাল উপদেশটোৰ লগতে লাভ কৰা আটাইতকৈ নিকৃষ্ট উপদেশটো (Deepika Padukone worst piece of advice) ৷
অভিনেত্ৰী গৰাকীৰ শেহতীয়া ছবি গেহৰাইয়ান ৰ প্ৰমোচনৰ সময়ত হোৱা এই সাক্ষাৎকাৰত কেৰিয়াৰৰ আৰম্ভণিৰ দিনবোৰ সুঁৱৰি নষ্টালজিক হৈ পৰে দীপিকা ৷ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পৰা দীপিকাই লাভ কৰিছিল অভিনয় জীৱনৰ আটাইতকৈ ভাল উপদেশটো ৷ শ্বাহৰুখে কৈছিল, "সেইখিনি মানুহৰ লগতহে কাম কৰিবা য’ত তুমি জানা যে তেওঁলোকৰ লগত তোমাৰ এটা ভাল সময় অতিবাহিত হ’ব, কাৰণ এখন ছবি বনাবলৈ যাওঁতে তুমি এটা জীৱন জীয়াই কাম কৰিব লাগিব যিয়ে জীৱনৰ বাবে স্মৃতি আৰু অভিজ্ঞতা দি যাব ৷"
দীপিকাই এইখিনিতে প্ৰকাশ কৰিলে 18 বছৰ বয়সত তেওঁক স্তন চাৰ্জাৰীৰ বাবে উপদেশ দিছিল গ্লেমাৰ জগতৰে সৈতে জড়িত ব্যক্তিয়ে (Deepika got breast implant advice) ৷ অৱশ্যে, এই কথাটোৱে তেওঁক বিচলিত কৰা নাছিল বুলিও উল্লেখ কৰে দীপিকাই ৷ বৰ্তমানে পৰিয়ালৰে সৈতে বাংগালোৰত বন্ধৰ দিন কটাইছে দীপিকাই ৷ অতি শীঘ্ৰেই প্ৰভাস আৰু অমিতাভ বচ্চনৰ সৈতে 'প্ৰজেক্ট কে'ৰ শ্বুটিঙত ব্যস্ত হৈ পৰিব অভিনেত্ৰী গৰাকী ৷
লগতে পঢ়ক:জাহ্নৱী কাপুৰৰ শেহতীয়া ফটোশ্বুটৰ কেইখনমান আলোকচিত্ৰ