নিউজ ডেস্ক, 18আগষ্টঃ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ গায়ক পণ্ডিত যশৰাজৰ সোমবাৰে 90 বছৰ বয়ষত আমেৰিকাত দেহাৱসান ঘটে ৷ তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে জ্যেষ্ঠ গায়িকা আশা ভোছলেই ৷ গায়িকাগৰাকীয়ে উল্লেখ কৰে, "মই পণ্ডিত যশৰাজৰ আকস্মিক মৃত্যুত মৰ্মাহত হৈছো ৷ মই এনে এজন ব্যক্তিক হেৰুৱালো, যি মোৰ বাবে যথেষ্ট প্ৰিয় আছিল ৷ মই এগৰাকী জ্যেষ্ঠ ভাতৃ হেৰুৱালো ৷ সংগীত জগতৰ সূৰ্য নোহোৱা হ’ল ৷ তেওঁ এনে এজন গায়ক আছিল যি সকলোকে সমান দৃষ্টিৰে চাইছিল, মই দীৰ্ঘদিনৰ পৰাই তেওঁক জানিছিলো ৷ তেওঁৰ বিবাহৰ আগৰ পৰাই জানিছিলো যেতিয়া তেওঁ শান্তাৰামৰ জীয়ৰীক বিয়া কৰাইছিল ৷ তেওঁ তেতিয়া মোক কৈছিল আশা তোমাক মই গান গাবলৈ শিকাম ৷"
পণ্ডিত যশৰাজৰ মৃত্যুত আশা ভোছলেৰ গভীৰ শোক প্ৰকাশ
"মই পণ্ডিত যশৰাজৰ আকস্মিক মৃত্যুত মৰ্মাহত হৈছো ৷ মই এনে এজন ব্যক্তি হেৰুৱালো, যি মোৰ বাবে যথেষ্ট প্ৰিয় আছিল ৷"
পণ্ডিত যশৰাজৰ মৃত্যুত আশা ভোছলেৰ গভীৰ শোক প্ৰকাশ
লগতে আশা ভোছলেই উল্লেখ কৰে, "মই যেতিয়া আমেৰিকালৈ গৈ তেওঁৰ শাস্ত্ৰীয় সংগীতৰ বিদ্যালয়খনলৈ গৈছিলো দেখিছিলো তেওঁ কিধৰণে গুণগত মানদণ্ডৰ সংগীত শিকাইছিল ৷ মোৰ এনে লাগিছিল যেন মই তেওঁৰ বিদ্যালয়খনত নামভৰ্তি কৰিম ৷"