চিটাৰা ডেস্ক, ৪ অক্টোবৰ: পুত্ৰ আৰিয়ানৰ গ্ৰেপ্তাৰৰ পিছতে সমালোচিত হৈছে বলীউড চুপাৰষ্টাৰ শ্বাহৰুখ খান । নিষিদ্ধ ড্ৰাগছ(Drugs)ৰ ব্যৱহাৰ কৰাৰ অভিযোগত আৰিয়ান খানক নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'(Narcotics Control Bureau)ই গ্ৰেপ্তাৰ কৰিছিল । এতিয়া এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলীউডৰ বহু তাৰকাই । ছবি নিৰ্মাতা হঞ্চল মেহতা, অভিনেত্ৰী পূজা ভাট আৰু সুচিত্ৰা কৃষ্ণমূৰ্তিৰ আদি তাৰকাই শ্বাহৰুখ খানলৈ মুকলিকৈ সমৰ্থন আগবঢ়াইছে ।
উল্লেখ্য যে, দেওবাৰে নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ই এখন ক্ৰুজত পাৰ্টী চলি থকা অৱস্থাতে অভিযান চলাইছিল আৰু আৰিয়ান খানসহ ৭ জনক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পাচতে ২৩ বছৰীয়া আৰিয়ানক ৪ অক্টোবৰ পৰ্যন্ত এন চি বি(Narcotics Control Bureau)ৰ জিম্মালৈ প্ৰেৰণ কৰা হয় । আনহাতে, আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ কেইঘণ্টামানৰ পিছত শ্বাহৰুখৰ ঘনিষ্ঠ বন্ধু তথা চুপাৰষ্টাৰ ছলমান খান শ্বাহৰুখৰ বাসগৃহ মন্নতত উপস্থিত হয় । পুত্ৰ আৰিয়ান ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱাক লৈ শ্বাহৰুখে ছ'চিয়েল মিডিয়াত সমালোচনা সন্মুখীন হোৱাৰ সময়ত ছলমানেই হৈছে একমাত্ৰ বলীউড তাৰকা, যি শ্বাহৰুখক সাক্ষাৎ কৰি তেওঁৰ সংকটৰ সময়ত কিছু সাহস দিয়াৰ চেষ্টা কৰিছে ।
আনহাতে, ছবি নিৰ্মাতা হঞ্চল মেহতাই টুইটযোগে এই ঘটনাৰ প্ৰতিক্ৰিয়া কৰি কয় যে, মানুহে শিশুক লৈ বিতৰ্ক আৰম্ভ কৰাতো অতি দুখজনক । তেওঁ টুইটত লিখিছে যে, সন্তানক সমস্যাৰ সন্মুখীন হোৱা পৰিস্থিতিৰে যুঁজ দিয়াটো প্ৰতিগৰাকী অভিভাৱকৰ বাবে অতি কঠিন । আইনে বিচাৰ কৰাৰ আগতে মানুহে নিজে যিকোনো সিদ্ধান্তত উপনীত হৈ বিতৰ্কৰ সৃষ্টি কৰাটো অধিক দুখজনক ।
এয়া পিতৃ-মাতৃ আৰু পিতৃ-মাতৃৰ সৈতে থকা সন্তানৰ সম্পৰ্কৰ প্ৰতি অসন্মান আৰু অন্যায় বুলি টুইটত উল্লেখ কৰিছে মেহতাই । আনহাতে, ১৯৯৬ চনত মুক্তি লাভ কৰা "চাহট" ছবিত শ্বাহৰুখৰ সৈতে একেলগে কাম কৰা পূজা ভাটে দেওবাৰে সন্ধিয়া টুইটযোগে নিজৰ স্থিতি স্পষ্ট কৰে । তেওঁ টুইটত উল্লেখ কৰে যে, তেওঁ শ্বাহৰুখৰ সমৰ্থনত আছে । তেওঁ লগতে উল্লেখ কৰিছে যে, শ্বাহৰুখক আন কোনো লোকৰ প্ৰয়োজন নাই বুলি তেওঁ জানে তথাপি তেওঁ সাহসেৰে কিং খানক সমৰ্থন কৰিছে ।