চিটাৰা ডেস্ক, ১৭ অক্টোবৰ :মুম্বাইৰ ড্ৰাগছ অন ক্ৰুজ ঘটনাৰ তদন্ত অব্যাহত আছে । এন চি বিয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানসহ ৬ জনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । ক'ভিড পৰীক্ষাৰ অন্তত অভিযুক্ত কেইজনক আৰ্থাৰ ৰোড কাৰাগাৰ সুকীয়া সুকীয়া কক্ষলৈ স্থানান্তৰ কৰা হৈছে ।
উল্লেখ্য যে, ২০ অক্টোবৰলৈ কাৰাগাৰতে থাকিব লাগিব আৰিয়ান খান । আৰিয়ান গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা বলীউডৰ বহু তাৰকাই শ্বাহৰুখ খানৰ পৰিয়ালক শান্ত্বনা দিয়া দেখা গৈছে । বহুতে সমৰ্থনো কৰিছে আৰিয়ান খানক ।
এইবাৰ বলীউডৰ অভিনেত্ৰী পূজা বেদীয়ে আৰিয়ান খানৰ পক্ষত থাকি বিশেষ মন্তব্য কৰা দেখা গ'ল । টুইটযোগে ন্যায় পালিকাৰ ভূমিকাৰ ওপৰত প্ৰশ্ন তুলিলে পূজা বেদীয়ে ।
অভিনেত্ৰী পূজা বেদীৰ প্ৰশ্ন- যদিহে আৰিয়ানৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰা হোৱা নাই, তেনেহ'লে নিৰীহ ল'ৰাটো কিয় দিনৰ পাছত দিন লক আপৰ ভিতৰত ৰখা হৈছে । কোনো কাৰণ নোহোৱাকৈ লক আপত ৰখাটো মানসিকভাৱে ক্ষতিকাৰক । সেয়ে ন্যায় ব্যৱস্থা সংশোধনৰ প্ৰয়োজন আছে বুলি দাবী কৰে অভিনেত্ৰীগৰাকীয়ে । লগতে এনে ন্যায় ব্যৱস্থাই নিৰীহ লোকক শাস্তি দি অপৰাধী সৃষ্টি কৰিব বুলিও পূজাই আশংকা ব্যক্ত কৰে ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ফাৰাহ খান, স্বৰা ভাস্কৰ, ছায়ানী গুপ্তা, চুজেন খান আৰু ঋত্বিক ৰোশনে ছ'চিয়েল মিডিয়াত শ্বাহৰুখ আৰু পৰিয়ালক সমৰ্থন জনাইছিল ।
ইফালে যোৱা কেইদিনমানৰ তদন্তত এনচিবিৰ (NCB) এক সূত্ৰই দাবী কৰা মতে আৰিয়ান খান আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ সৈতে ড্ৰাগছ সৰবৰাহত জড়িত আছিল । লগতে চুপাৰষ্টাৰ গৰাকীৰ পুত্ৰই নিয়মীয়াকৈ ড্ৰাগছ সেৱন কৰে বুলিও অভিযোগ তুলিছে ।
লগতে পঢ়ক :'চৰ্দাৰ উধম'ত বিকি কৌশলৰ অভিনয়ক প্ৰশংসা কেটৰীণাৰ