চিটাৰা ডেস্ক, 12 নবেম্বৰ :শেহতীয়াকৈ ড্ৰাগছ-অন-ক্ৰুজ গোচৰত জামিন লাভ কৰা আৰিয়ান খানে তেওঁৰ সাপ্তাহিক (প্ৰতি শুকুৰবাৰে) উপস্থিতি চিহ্নিত কৰিবলৈ নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো ( Narcotics Control Bureau)ৰ সন্মুখত হাজিৰ হয় । ৭ নৱেম্বৰত এনচিবিৰ বিশেষ অনুসন্ধানকাৰী দলে আৰিয়ান খানক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল, অৱশ্যে তেওঁ জ্বৰৰ কথা উল্লেখ কৰি উপস্থিত হ'ব পৰা নাছিল ।
বোম্বে উচ্চ ন্যায়ালয়ে ২৯ অক্টোবৰত আৰিয়ান খানৰ এক বিতং জামিন আদেশ জাৰি কৰিছিল, য'ত কোৱা হৈছিল যে তেওঁ প্ৰতি শুকুৰবাৰে এনচিবিৰ সন্মুখত হাজিৰ হ'ব লাগিব ৷ ইয়াৰোপৰি, তেওঁক তেওঁৰ পাছপোৰ্ট সমৰ্পণ কৰিবলৈকো জনোৱা হৈছিল । আদালতে তিনিওজন জামিন আবেদনকাৰী - আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট, মুনমুম ধামেচাক তেওঁলোকৰ উপস্থিতি চিহ্নিত কৰিবলৈ প্ৰতি শুকুৰবাৰে পুৱা 11.00 বজাৰ পৰা 2.00 বজাৰ ভিতৰত এনচিবি মুম্বাই কাৰ্যালয়ত হাজিৰ হ'বলৈ কৈছিল ৷