চিটাৰা ডেস্ক, ২৩ জুন: হাংগেৰীত প্ৰেমিকা আৰু পুত্ৰৰ সৈতে অৱসৰ বিনোদন অভিনেতা অৰ্জুন ৰামপালৰ । বুধবাৰে ইনষ্টাগ্ৰামৰ পোষ্টযোগে কেইখনমান ফটো শ্বেয়াৰ কৰে অভিনেতাগৰাকীয়ে । প্ৰেমিকা গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছ আৰু সৰু পুত্ৰ আৰিকৰ সৈতে হাংগেৰীৰ বুডাপেষ্টত আনন্দেৰে কিছু সময় কটাইছে অৰ্জুনে ।
পৰৱৰ্তী ছবি "ধাকড়"ৰ দৃশ্যগ্ৰহণৰ কাম পুনৰ আৰম্ভ হোৱাৰ পূৰ্বে পৰিয়ালৰ সৈতে কিছু সময় কটাব বিচাৰিছে বুলি প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে । অৰ্জুনৰ প্লেটিনাম ব্লণ্ড চুলিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছেও পিতা-পুত্ৰৰ সুন্দৰ ফটো ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে । অভিনেতাজনে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াযোগে তেওঁৰ নতুন ৰূপৰ ফটো শ্বেয়াৰ কৰিছে ।
কংগনা ৰাণাৱট অভিনীত পৰৱৰ্তী ছবি "ধাকড়"ৰ এনে ৰূপতে দেখা পোৱা যাব অৰ্জুন ৰামপালক । ছবিখনত অৰ্জুনে বিৰোধী ৰুদ্ৰবীৰ নামৰ চৰিত্ৰত অভিনয় কৰিব । বুডাপেষ্টতে ছবিখনৰ দৃশ্যগ্ৰহণ চলি আছে ।