চিটাৰা ডেস্ক, 18 জুন : ছবিঘৰত আহিবলগীয়া আগন্তুক বলীউড ছবি ‘ধাকড়’ (Dhaakad)ৰ বাবে শীঘ্ৰেই পুনৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰিব অভিনেতা অৰ্জুন ৰামপাল (Arjun Rampal)য়ে ৷ ছবিখনত খলনায়ক ৰুদ্ৰবীৰ (Rudraveer)ৰ চৰিত্ৰ ৰূপায়ণ কৰিব অভিনেতাগৰাকীয়ে ৷ অৰ্জুনৰ এই চৰিত্ৰটোৰ লুকটো হ’ব এক চৰ্চিত আকৰ্ষণীয় লুক ৷ আনহাতে ছবিখনৰ মূল নায়িকাত আছে অভিনেত্ৰী কংগনা ৰাণাৱট (Kangana Ranaut) ৷ ছ’চিয়েল মিডিয়াযোগে ছবিখনৰ পৰা এই লুকটো শ্বেয়াৰ কৰি অভিনেতা অৰ্জুনে ছবিখনৰ পৰিচালক ৰজনীশ ৰেজী ঘাই (Razneesh Razy Ghai) আৰু জনপ্ৰিয় হেয়াৰ ষ্টাইলিষ্ট আলীম হাকিম (Aalim Hakim)ক ধন্যবাদ জ্ঞাপন কৰে ৷
শুকুৰবাৰে ইনষ্টাগ্ৰামযোগে এই নতুন লুকটো শ্বেয়াৰ কৰে অৰ্জুনে ৷ তেওঁ কয় যে, এখন ছবিৰ বাবে এয়া এক প্ৰত্যাহ্বানস্বৰূপ ৷ এই লুকটোৰ প্ৰয়োজন আছিল ৷ "A challenging part in a film, needs me to push the envelope. Thank you my brother @aalimhakim for helping me create that & @razylivingtheblues to realise that dream. #Dhaakad #letsbeginagain."