চিটাৰা ডেস্ক,6 এপ্ৰিলঃ অভিনেতা অৰ্জুন কাপুৰে সোমবাৰে মহামাৰী ভাইৰাছৰ সৈতে দেশবাসীক যুঁজ দিবৰ বাবে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজি আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ সৈতে মুঠ পাঁচটা পুঁজিত আগবঢ়ায় আৰ্থিক অনুদান ৷
34 বছৰীয়া অভিনেতাগৰাকীয়ে এই কথা প্ৰকাশ কৰে নিজৰ ইনষ্টাগ্ৰাম একাউন্ট যোগে ৷ ইনষ্টাগ্ৰাম যোগে অৰ্জুনে লিখে, "ভাৰতবৰ্ষ এক জটিল সংকটৰ মাজত আছে আৰু দ্বায়িত্বশীল নাগৰিক হিচাপে , আমি নিজৰ লগতে বন্ধু, ভাতৃ-ভগ্নীসকলৰ বাবে নিজৰ ফালৰ পৰা অলপ কিবা কৰাটো জৰুৰী ৷ মই মোৰ ফালৰ পৰা যিমান সম্ভৱ সাহাৰ্য পুঁজিত দিবলৈ বাবে চেষ্টা কৰিছোঁ ৷ সেয়ে মই প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজি, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি, গিভ ইণ্ডিয়া, দ্য ৱিছিংগ ফেক্টৰী, ফেডাৰছেন অফ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্পলয়িজৰ সাহাৰ্য পুঁজিত আৰ্থিক অনুদান প্ৰদান কৰিছো ৷ আমি ক'ভিড-19ৰ সৈতে তেতিয়াহে যুঁজ দিব পাৰিম, যেতিয়া আমি একত্ৰিত হ'ম ৷ সেয়ে মই মানুহক আহ্বান কৰিছো ,আগবাঢ়ি আহক আৰু নিজৰ হিচাপ অনুসৰি মানুহক সহায় কৰক ৷"