চিটাৰা ডেস্ক, 28 ডিচেম্বৰ :সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে সংগীতকাৰ এ.আৰ. ৰহমানৰ মাতৃ কৰিমা বেগমে ৷ সংগীতকাৰ গৰাকীৰ আত্মীয়ই জানিবলৈ দিছে এই কথা ৷ ৰহমানে টুইটাৰযোগে মাতৃৰ এখন ছবি শ্বেয়াৰ কৰিছে ৷ সংগীতকাৰ গৰাকীৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী কে.পালানীস্বামী আৰু ডি.এম.কেৰ সভাপতি এম.কে ষ্টেলিনে ৷
কে.পালানীস্বামীয়ে টুইটাৰযোগে কয়, ‘শাৰীৰিক অসুস্থাতাৰ ফলত সংগীতকাৰ এ.আৰ. ৰহমানৰ মাতৃ কৰীমা বেগমৰ বিয়োগৰ বিষয়ে জানিবলৈ পাই অতি দুঃখিত ৷’