চিটাৰা ডেস্ক, ২৩ এপ্ৰিল: কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা সংগীত পৰিচালক শ্ৰৱণ ৰাথোড়ৰ মৃত্যুৱে সকলোকে মৰ্মাহত কৰি তুলিছে । বলীউড জগতৰ অভিনেতা, কন্ঠশিল্পী ছবি নিৰ্মাতাকে আদিকে ধৰি কেইবাগৰাকী তাৰকাই শোক ব্যক্ত কৰে । বৃহস্পতিবাৰে নিশা মুম্বাইৰ এখন হাস্পাতালত মৃত্যু হয় সংগীতকাৰ শ্ৰৱণ ৰাথোড়ৰ । তেওঁৰ মৃত্যুৱে সকলোকে কন্দুৱাই থৈ গৈছে ।
তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাচতে অজস্ৰ গুণমুগ্ধই শোক ব্যক্ত কৰে । ছবি উদ্যোগে এগৰাকী খ্যাতিসম্পন্ন সংগীত পৰিচালকক হেৰুৱালে । তেওঁৰ মৃত্যুৱে যেন সকলো শূন্য কৰি থৈ গ'ল । তেওঁৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰি এইদৰে কয় পৰিচালক অশোক পণ্ডিতে ।
সংগীত সম্ৰাট খ্যাত এ আৰ ৰহমানেও কয় যে, সকলোৰে হৃদয়ত থাকি যাব খ্যাতিসম্পন্ন শ্ৰৱণ ৰাথোড় ।
সংগীত পৰিচালক প্ৰীতমেও তেওঁৰ মৃত্যুত শোক ব্যক্ত কৰি পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে ।
কন্ঠশিল্পী শ্ৰেয়া ঘোষালেও শোক ব্যক্ত কৰি কয় যে, তেওঁৰ মৃত্যু এক অনাকাংক্ষিত খবৰ । এগৰাকী প্ৰকৃত সহজ-সৰল নম্ৰ মানুহ আৰু সংগীত জগতৰ অন্যতম সংগীত পৰিচালক আমাৰ সকলোৰে মাজৰ পৰা হেৰাই গ'ল । ঈশ্বৰে শোক সন্তপ্ত পৰিয়ালক শক্তি প্ৰদান কৰক ।