চিটাৰা ডেস্ক, ১৯ ডিচেম্বৰ: পুনৰ ছ'চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে অভিনেত্ৰী তথা ছবি নিৰ্মাতা অনুষ্কা শৰ্মাই । কিয়নো, এডেলেইড খেল পথাৰত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ ৪ দিনীয়া শৃংখলাৰ প্ৰথমখন টেষ্ট মেছত ভাৰতীয় দলে ৩৬ ৰাণ সংগ্ৰহ কৰিয়েই পেভিলিয়নলৈ উভতিবলগীয়া হয় । দলটোৰ শোচনীয় প্ৰদৰ্শনৰ পিছত ছ'চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে অধিনায়ক বিৰাট কোহলিৰ পত্নী অনুষ্কা শৰ্মা ।
স্বামীৰ সৈতে থাকি প্ৰথমটো সন্তান জন্ম দিয়াৰ আশা কৰি থকা অনুষ্কাক এনেদৰে ভাৰতীয় দলৰ পৰাজয়ৰ বাবে দোষাৰোপ কৰাতো যুক্তিসংগত নহয় বুলিও একাংশই মতামত আগবঢ়াইছে । টুইটাৰত ইতিমধ্যে একাংশ লোকৰ ককৰ্থনাৰ সন্মুখীন হৈছে অনুষ্কা । লগতে সমালোচনা কৰা হৈছে মহেন্দ্ৰ সিং ধোনী আৰু ৰোহিত শৰ্মাক । ভাৰতৰ পুতৌজনক প্ৰদৰ্শনৰ বাবে তিনিওকে জগৰীয়া কৰি ক্ষোভ উজাৰিছে একাংশই । লগতে বিৰাট কোহলিয়ে পেটাৰ্নীটি লিভ লোৱাক লৈও একাংশই সমালোচনা কৰিছে ।