অসম

assam

ETV Bharat / sitara

নেটফ্লিক্সত মুক্তি পালে অনুষ্কাৰ বুলবুল - অনুষ্কা শৰ্মাৰ নতুন ছবি বুলবুল

অনুষ্কা শৰ্মাৰ নতুন ছবি বুলবুলৰ মুক্তিৰ মূহুৰ্তত ইনষ্টাগ্ৰামযোগে অভিনেত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰে আকৰ্ষণীয় ফটো ৷ বুলবুল ছবিখন অভিনেত্ৰী গৰাকীৰ দ্বিতীয়খন ডিজিটেল প্ৰডাকচন ছবি আৰু অ'টিটি প্লেটফৰ্মত মুক্তি পোৱা অভিনেত্ৰীগৰাকীৰ প্ৰথমখন ছবি ৷

Anushka sharma paints the sky red as Bulbbul releases on netflix
নেটফ্লিক্সত মুক্তি পালে অনুষ্কাৰ বুলবুল

By

Published : Jun 24, 2020, 5:08 PM IST

চিটাৰা ডেস্ক,24 জুনঃ অনুষ্কা শৰ্মাৰ নিজৰ প্ৰডাকচনত নিৰ্মিত অভিনেত্ৰীগৰাকীৰ প্ৰথমখন ডিজিটেল ছবি বুলবুল আজি মুক্তি লাভ কৰিলে ডিজিটেল প্লেটফৰ্ম নেটফ্লিক্সত ৷ ভৌতিকধৰ্মী ছবি বুলবুলৰ মুক্তি উপলক্ষে অভিনেত্ৰী গৰাকীয়ে এখন বিশেষ ফটো শ্বেয়াৰ কৰে ইনষ্টাগ্ৰাম যোগে ৷

ফটোখনৰ কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখে যে, "গোটেই চহৰখনৰ আকাশ আজি ৰঙা ৰঙেৰে পেইন্ট কৰা হৈছে ৷ যি আহি আছে তাৰ বাবে বাৰু আপোনালোক সাজু নে ? বুলবুল আজি মুক্তি পালে, কেৱল নেটফ্লিক্সত ৷"

নেটফ্লিক্স ইণ্ডিয়াৰ অৰিজিনেল ছবিখনত তৃপ্তি ডিমৰী, ৰাহুল বৌচ আৰু অবিনাশ তিৱাৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷

অনবিতা দত্তৰ দ্বাৰা নিৰ্দেশিত পিৰিয়ড হৰৰ ড্ৰামাখন অনুষ্কা শৰ্মাই নিজৰ প্ৰডাকচন কোম্পানী ক্লিন স্লেট ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰিছে ৷

লগতে পঢ়কঃদীপিকাৰ সৈতে একেলগে কাম কৰিবলৈ উৎসাহী সিদ্ধান্ত চৰ্তুবেদী

ABOUT THE AUTHOR

...view details