নিউজ ডেস্ক, 10 ডিচেম্বৰ :বৃহস্পতিবাৰৰ বিবাহৰ পিছত বিকী কৌশল আৰু কেটৰিণাই একেই কেপ্চনৰ সৈতে নিজৰ নিজৰ ছ’ছিয়েল মিডিয়া হেণ্ডেলত অনুৰাগীৰ আশীষ বিচাৰি বিয়াৰ ফটো শ্বেয়াৰ কৰে ৷ মাত্ৰ মূহূৰ্তৰ ভিতৰতে শুভেচ্ছা বাণীৰে উপচি পৰে দুয়োৰে ইন্ষ্টাগ্ৰাম ৷
বলীউডৰ বহু চেলিব্ৰিটিয়ে comment section ৰ লগতে ব্যক্তিগত ছ’ছিয়েল মিডিয়া হেণ্ডেলত দুয়োকে শুভেচ্ছা জ্ঞাপন কৰা দেখা গ’ল ৷ কেটৰিণাৰ সৈতে নিকট সম্পৰ্ক ৰখা অনুষ্কা শৰ্মাই নিজৰ ইন্ষ্টাগ্ৰাম একাউন্টত বিয়াৰ শুভেচ্ছা জনোৱাৰ লগতে ওচৰ-চুবুৰীয়া বুলি সম্বোধন কৰি সকলো উৰা-বাতৰিৰ ওৰ পেলালে (VicKat will be neighbour to ViruShka) ৷