চিটাৰা ডেস্ক,30 জুলাইঃ অতি জনপ্ৰিয় তাৰকা দম্পতী বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই শেহতীয়াকৈ অনুদান আগবঢ়ালে অসম আৰু বিহাৰৰ বানাক্ৰান্ত সকললৈ ৷ কেৱল অনুদান আগবঢ়োৱাই নহয় আনকো অনুদান আগবঢ়াবৰ বাবে অনুৰোধ জনাইছে তাৰকা দম্পতীয়ে ৷
দুয়োৱে নিজৰ ইনষ্টাগ্ৰাম একাউন্ট যোগে প'ষ্ট শ্বেয়াৰ কৰি লিখিছে যে যেতিয়া দেশে কৰ'ণা মহামাৰীৰ সৈতে যুঁজি আছে ৷ সেই সময়ত অসম আৰু বিহাৰৰ মানুহৰ জীৱন বিপন্ন কৰিছে প্ৰলয়ংকাৰী বানে ৷ দুয়োৱে অসম আৰু বিহাৰৰ মানুহৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে তিনিটা সাহাৰ্য প্ৰদানকাৰী সংগঠনক সহযোগ কৰি অনুদান আগবঢ়াইছে ৷ তেওঁলোকে নিজে বানাক্ৰান্তক সহায় কৰাৰ লগতে আনকো এনে কৰিবলৈ উদ্বুদ্ধ কৰা পৰিলক্ষিত হৈছে ৷