চিটাৰা ডেস্ক, ২৩ জুন: এইবাৰ হলীউডৰ ছবিৰ ৰিমেক নিৰ্মাণৰ প্ৰস্তুতি চলাইছে বলীউডৰ ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে । হলীউডৰ ছবি পৰিচালক কুৱেণ্টিন টাৰেণ্টিন'(Quentin Tarantino')ৰ ছবিৰ হিন্দী ৰিমেক নিৰ্মাণ কৰিবলৈ তেওঁ যো-জা চলাইছে বুলি জানিব পৰা গৈছে । ২০০৩ চনত মুক্তি লাভ কৰা কুৱেণ্টিন টাৰেণ্টিন'ৰ "কিল বিলঃ ভলিউম-১"(Kill Bill: Volume 1) শীৰ্ষক ছবিখনৰ হিন্দী ৰিমেক পৰিচালনা কৰিব অনুৰাগ কাশ্যপে ।
কৃতি সেননক ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ যোগাযোগ কৰা হৈছে বুলি চৰ্চা আৰম্ভ হৈছে । অনুৰাগ কাশ্যপে কুৱেণ্টিন টাৰেণ্টিন'ৰ পপ ক্লাছিক ছবি শৃংখলা 'কিল বিল'ৰ দেশী সংস্কৰণৰ পৰিকল্পনা কৰিছে । ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰা উমা থাৰমেনে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল ।
বিট্ৰিক্স কিডোৰ আলফা একচন নায়িকাৰ চৰিত্ৰৰ বাবে উমা জনপ্ৰিয় হৈ পৰিছিল । 'কিল বিল'ৰ হিন্দী ৰিমেকৰ বাবে নিৰ্মাতাই কৃতি সেননক লোৱাত আগ্ৰহ প্ৰকাশ কৰিছে ।