অসম

assam

ETV Bharat / sitara

অনুপম খেৰৰ মাতৃ,ভাতৃ সহিতে পৰিয়ালৰ 4 সদস্য অক্ৰান্ত কৰ'ণাত - অনুপম খেৰৰ পৰিয়ালৰ মুঠ চাৰিজন সদস্য আক্ৰান্ত COVID-19 ৰোগত

অনুপম খেৰৰ মাতৃৰ শৰীৰত কৰ'ণা ভাইৰাছ ৷ কেৱল মাতৃয়েই নহয় পৰিয়ালৰ মুঠ চাৰিজন সদস্য আক্ৰান্ত COVID-19 ৰোগত ৷ এই কথা টুইট যোগে প্ৰকাশ কৰিছে প্ৰসিদ্ধ অভিনেতাগৰাকীয়ে ৷

Anupam Kher's mother test COVID-19 positive, actor negative
অনুপম খেৰৰ মাতৃ,ভাই সহিত পৰিয়ালৰ মুঠ 4জন সদস্যৰ দেহত কৰ'ণা

By

Published : Jul 12, 2020, 12:45 PM IST

চিটাৰা ডেস্ক,12 জুলাইঃবলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন আৰু তেওঁৰ পুত্ৰ অভিষেক বচ্চনৰ পিছত এইবাৰ খবৰ আহিছে অভিনেতা অনুপম খেৰৰ পৰিয়ালৰ চাৰিজন সদস্যৰ শৰীৰলৈ সংক্ৰমণ হৈছে মাৰাত্মক কৰ'ণা ভাইৰাছ ৷ অনুপম খেৰৰ মাতৃ দুলাৰী দেৱী আৰু ভাতৃ সহিতে পৰিয়ালৰ মুঠ চাৰিজন সদস্যৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷

অভিনেতাগৰাকীয়ে নিজৰ টুইটাৰ একাউন্ট যোগে এই খবৰ জনালে অনুৰাগীসকলক ৷ অভিনেতা গৰাকীয়ে জনাই যে, "বিগত কিছু দিনৰ পৰা মোৰ মা দুলাৰী দেৱীৰ অলপো ভোক লগা নাছিল ৷ তেওঁ একো খোৱা নাছিল, কেৱল শুই আছিল ৷ সেয়ে আমি চিকিৎসকৰ মতামত অনুসৰি তেজ পৰীক্ষা কৰালো,তাত সকলো ঠিকেই আছিল ৷ তাৰ পিছত চিকিৎসকে চি.টি স্কেন কৰাব দিলে তেতিয়া আমি স্কেন কৰালো , পিছত আমি গম পালো তেওঁৰ COVID পজিটিভ হোৱাৰ কথা ৷"

লগতে জনাই যে, তেওঁৰ ভাতৃ, ভাই-বোৱাৰী আৰু ভতিজীৰ শৰীৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছ ৷ অৱশ্যে অভিনেতাগৰাকীয়ে নিজৰ COVID পৰীক্ষা কৰোৱাত তেওঁৰ নিগেটিভ পোৱা গৈছে বুলি জনাইছে অনুৰাগীসকলক ৷

লগতে জনাইছে, তেওঁৰ মাতৃক বৰ্তমান ৰখা হৈছে মুম্বাইৰ কোকিলাবেন হাস্পতালত ৷

পঢ়ক অন্য এক খবৰঃ নতুন মোৰ লৈছে নয়নতৰা বৰুৱা হত্যাকাণ্ডই

ABOUT THE AUTHOR

...view details