চিটাৰা ডেস্ক,9 মাৰ্চঃ শেহতীয়াকৈ মুক্তি লাভ কৰে অনুভৱ সিনহাৰ এখন সামাজিক বাৰ্তামূলক ছবি থাপ্পৰ ৷ ছবিখনে মুক্তিৰ প্ৰথমটো সপ্তাহত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম নহ'ল ৷ ইয়াকে লৈ এটা ব্যৱসায়িক ৱেবচাইটে লিখিলে ,"থাপ্পৰৰ প্ৰথমটো সপ্তাহৰ উপাৰ্জন 22 কোটি 79 লাখ টকা ৷ দৰ্শকে যেন টানকৈ থাপৰ দিলে থাপ্পৰ ছবিখনক ৷ "
এনেকুৱা ধৰণৰ কথা শুনি যথেষ্ট ক্ষোভিত হৈ পৰে অনুভৱ সিনহা ৷ আৰু ক্ষোভৰ পৰিণতিতে নিজৰ টুইটাৰ একাউন্ট যোগে কিছুমান অশ্লীল শব্দ প্ৰয়োগেৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ৷