চিটাৰা ডেস্ক, 13 ডিচেম্বৰ : এইবছৰ যেন বিয়াৰ উজান উঠিছে বলীউডৰ লগতে টেলিভিছনৰ অভিনেতা-অভিনেত্ৰীৰ মাজত ৷ কেট-বিকীৰ বিয়াৰ পিছত পুনৰ এই সপ্তাহতে অনুষ্ঠিত হ’ব আন এখন বিয়া ৷ 14 ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া বিয়াখন কাৰ, জানিবলৈ আপোনাৰো মন গৈছে নিশ্চয় ৷
অৱশেষত জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন প্ৰেমিকা তথা 'Pavitra Rishta' ৰ অৰ্চনাই লৈছে বিয়াৰ সিদ্ধান্ত ৷ দীৰ্ঘ সময়ৰ বাবে চলা ধাৰাবাহিকখনৰ 'Archana' ৰ মুখ্য চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল অংকিতা লোখাণ্ডে ৷ ধাৰাবাহিকখনৰ আনটো মুখ্য চৰিত্ৰ 'Manav' ৰ চৰিত্ৰটো ৰূপায়ণ কৰা সুশান্ত সিং ৰাজপুতৰ সৈতে বহুদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল অংকিতাৰ ৷ পিছলৈ তেওঁলোকৰ সম্পৰ্কটোত ফাঁট মেলে ৷ ইয়াৰ পিছতে অংকিতা হতাশাত ভোগাৰ বাতৰি সংবাদ মাধ্যমতো সম্প্ৰচাৰিত হৈছিল ৷