অসম

assam

By

Published : Jun 13, 2021, 10:54 PM IST

ETV Bharat / sitara

ছচিয়েল মিডিয়াত ফিটনেচক লৈ অনিল কাপুৰৰ পোষ্ট

'চিৰ তৰুণ' বলীউড অভিনেতা অনিল কাপুৰ হৈছে এনে এজন অভিনেতা যি গৰাকী অভিনেতাই ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ থাকে ৷ ৭০ দশকৰ শেষৰ ফালৰ পৰা চলচ্চিত্ৰত অভিনয় কৰি অহা অনিল কাপুৰ চাৰি দশকৰ পিছতো তেওঁৰ ফিটনেছ আৰু আকৰ্ষণ শীৰ্ষত থকা দেখা গৈছে । 64 বছৰীয়া তাৰকাগৰাকীয়ে তেওঁৰ আকৰ্ষণীয় চেহেৰা আৰু ফিটনেছৰ প্ৰতি থকা প্ৰেম আৰু নিয়মীয়াকৈ ব্যায়ামে তেওঁক কেনেদৰে সুখী কৰি ৰাখে তাৰ বিষয়ে ছচিয়েল উল্লেখ কৰে ৷

ছচিয়েল মিডিয়াত ফিটনেচক লৈ অনিল কাপুৰৰ পোষ্ট
anil kapoor post in social plateform regarding his fitness

নেচনেল ডেক্স, 13 জুন :'চিৰ তৰুণ' বলীউড অভিনেতা অনিল কাপুৰ হৈছে এনে এজন অভিনেতা যি গৰাকী অভিনেতাই ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ থাকে আৰু অনুৰাগীসকলক নিয়মীয়া পোষ্টৰ জৰিয়তে তেওঁৰ জীৱনৰ বিষয়ে অৱগত কৰি থাকে । দেওবাৰে, তাৰকাগৰাকীয়ে ফটোশ্বুটৰ শেহতীয়া ফটোবোৰ শ্বেয়াৰ কৰে ৷ ৭০ দশকৰ শেষৰ ফালৰ পৰা চলচ্চিত্ৰত অভিনয় কৰি অহা অনিল কাপুৰ চাৰি দশকৰ পিছতো তেওঁৰ ফিটনেছ আৰু আকৰ্ষণ শীৰ্ষত থকা দেখা গৈছে । ফটোবোৰ তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি শিৰোনামটোত নিজৰ ফিটনেছ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

64 বছৰীয়া তাৰকাগৰাকীয়ে তেওঁৰ আকৰ্ষণীয় চেহেৰা আৰু ফিটনেছৰ প্ৰতি থকা প্ৰেম আৰু নিয়মীয়াকৈ ব্যায়ামে তেওঁক কেনেদৰে সুখী কৰি ৰাখে তাৰ বিষয়ে উল্লেখ কৰে ৷ দৰাচলতে, তেওঁৰ ইনষ্টাগ্ৰামত কেইবাটাও অনুপ্ৰেৰণাদায়ক পোষ্ট কৰি তেওঁৰ দৈন্দন্দিন ব্যায়ামৰ কাৰ্যাৱলী সমন্ধে অনুৰাগীক অৱগত কৰে ৷

সাগৰৰ পাৰত দৌৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ব্যায়াম অনিল কাপুৰে উপভোগ কৰে বুলি মন্তব্য কৰে । অনিল কাপুৰক শেষবাৰৰ বাবে অ'টিটি প্লেটফৰ্ম নেটফ্লিক্সত অনুৰাগ কাশ্যপৰ 'এ কে বনাম একে'ত দেখা গৈছিল ।

কমেডি-থ্ৰিলাৰখনত তেওঁৰ জীয়ৰী সোনম কাপুৰ আহুজাও আছিল । তেওঁক পৰৱৰ্তী সময়ত ৰাজ মেহতাৰ পৰিচালিত 'জুগ জুগ জীয়ো'ত বৰুণ ধাৱান, কিয়াৰা আদৱানী আৰু নীতু কাপুৰৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব বুলি জানিব পৰা গৈছে । ইয়াৰ উপৰিও, অনিল কাপুৰে সন্দীপ ৰেড্ডী ভাংগাৰ 'এনিমেল'ত ৰণবীৰ কাপুৰ, পৰিণীতি চোপ্ৰা আৰু ববি দেউলৰ সৈতে অভিনয় কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতিৰ অভিযোগ কংগ্ৰেছৰ অভিসন্ধি: সুভাষ দত্ত

ABOUT THE AUTHOR

...view details