চিটাৰা ডেস্ক, 27 আগষ্ট: অভিনেতা অংগদ বেদীৰ(Angad Bedi) বাবে সাহস হৈছে তেওঁৰ পত্নী নেহা ধুপীয়া(Neha Dhupia) ৷ ভাষাহীনভাৱে নেহাক ভালপায় অংগদে ৷ পত্নী নেহাৰ অটুট ভালপোৱা আৰু মৰমে আবেগিক কৰি তুলিছে অভিনেতাগৰাকীক ৷ আজি মিছ ইণ্ডিয়া(Miss India), মডেল তথা বলীউডৰ অভিনেত্ৰী নেহা ধুপীয়াৰ ওপজা দিন ৷
ছ’চিয়েল মিডিয়াযোগে অসংখ্য অনুৰাগী, শুভাকাংক্ষীয়ে বহু আন্তৰিকতাৰে নেহাক জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জনাইছে ৷ কিন্তু তাৰ মাজতো যেন স্বামী অংগদে নেহালৈ প্ৰেৰণ কৰা জন্মদিনৰ শুভেচ্ছাটোৱে চুই গৈছে হৃদয় ৷
জন্মদিনৰ এই শুভক্ষণত পত্নী নেহালৈ অংগদে লিখিছে এইদৰে, ‘‘মোৰ সাহসলৈ জন্মদিনৰ শুভেচ্ছা । তুমি কেৱল 27 আগষ্ট দিনটোৱেই উদযাপন কৰাৰ প্ৰয়োজন নাই । প্ৰতিদিনে তুমি তোমাৰ জীৱনটো উদযাপন কৰা !!! ভগৱানে তোমাক বিচৰা সকলোখিনিয়েই দিয়ক । তোমাৰ জীৱন যাত্ৰাত মই এটা সৰু অংশহে । আমি আগন্তুক দিনবোৰো একেলগেই আগুৱাই যাম আৰু জীৱন স্মৰণীয় কৰি তুলিম’’ ৷