অসম

assam

ETV Bharat / sitara

অমৃতা ৰাওৰ মহানুভৱতা : ভাড়াতীয়াৰ ভাড়া ৰেহাই অভেনেত্ৰীগৰাকীৰ - লক্ ডাউনত ভাড়াতিয়াক ৰেহাই অমৃতা ৰাওৰ

ইস্ক-বিস্ক নামৰ বলীউড ছবিৰ খ্য়াতি নামা অভিনেত্ৰী অমৃতা ৰাওৰ মহানুভৱতা । কৰ'ণা ভাইৰাছৰ ফলত দেশত চলা লক ডাউনৰ মাজতেই বহু ভাড়াতীয়াৰ ভাড়া ৰেহাই অভিনেত্ৰীগৰাকীৰ ।

Amrita Rao forgoes rent of her tenants amid COVID-19 lockdown
Amrita Rao forgoes rent of her tenants amid COVID-19 lockdown

By

Published : Jun 23, 2020, 12:29 PM IST

চিটাৰা, 23 জুনঃ দেশত চলি থকা কৰ'ণা ভাইৰাছৰ বিভীষিকাৰ সময়তে পোহৰলৈ আহিছে বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ মহানুভৱতাৰ কথা ।

মাৰ্চ মাহৰ পৰা জুলাই মাহলৈ ভাড়াতীয়াৰ ভাড়া ৰেহাই প্ৰদান কৰিছে বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী অমৃতা ৰাওৱে । লক ডাউনৰ সময়ত বহু ভাড়াতীয়া গৃহবন্দী হৈ থকাৰ লগতে অৰ্থনৈতিক সংকটৰ সময়ত যুঁজি থকাৰ বাবেই এই ৰেহাই প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

ভাড়াতিয়াৰ ভাড়া ৰেহাই অমৃতা ৰাওৰ

অভিনেত্ৰীগৰাকীয়ে কয়,আমাৰ ভাড়াতীয়াৰ মাজত কিছু অভিনয় আৰু চিনেমাটোগ্ৰাফিত ফ্ৰিলান্স হিচাপে কৰ্মৰত । এই পেশাত কোনো মাহিলি আয়ৰ গ্যাৰেণ্টি নাই। মহামাৰীটো সকলোৰে বাবে এক মাৰাত্মক পৰিস্থিতি আৰু তেওঁলোকে তেওঁলোকৰ পৰিয়ালৰ সৈতে নিৰাপদে থকাৰ সিদ্ধান্ত লৈছিল । মই পৰিস্থিতিটো অনুভৱ কৰিব পাৰিছো আৰু মোৰ সাধ্য় অনুসৰি এই সহায় আগবঢ়াইছো ।

অৱশ্যে ইয়াৰ লগতে তেওঁ কয়,যি কেইজন ভাড়াতীয়াই ফ্লেট অধিগ্ৰহণ কৰি আছে আৰু যি সকলৰ চাকৰি হেৰুৱাবলগীয়া হোৱা নাই তেওঁলোকে তেওঁলোকৰ দিবলগীয়া ভাড়া পৰিহাৰ কৰি মালিক পক্ষক অযথা হাৰাশাস্তি কৰাৰ বাবে লক ডাউনক ব্য়ৱহাৰ কৰা উচিত নহয় । যিটো লক ডাউনৰ সময়ত এটা ক্ৰমবৰ্ধমান বিপদ ।

অমৃতা ৰাওক শেষবাৰৰ বাবে নৱাজুদ্দিন ছিদ্দিকীৰ সৈতে থাকৰে ছবিখনত দেখা পোৱা গৈছিল ।

লগতে চাওকঃ গণসংক্ৰমণঃ মঙলবাৰৰ পৰা গুৱাহাটীৰ ৭ টা ৱাৰ্ডত লকডাউন

ABOUT THE AUTHOR

...view details