চিটাৰা ডেস্ক,13 জুলাইঃ কৰ'ণাত আক্ৰান্ত বলীউডৰ প্ৰসিদ্ধ অভিনেতা অমিতাভ বচ্চন ৷ অমিতাভ বচ্চনৰ শৰীৰত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছত তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিৰ কৰ'ণা পৰীক্ষণ কৰা হয় ৷ শেহতীয়াকৈ তেওঁক 26 গৰাকী কৰ্মচাৰীৰ স্বাৱ পৰীক্ষণৰ ফলাফল নিগেটিভ আহিছে ৷ সকলোকে 14 দিনৰ কোৱাৰেন্টাইন দিয়া হৈছে ৷
অৱশ্যে অমিতাভ বচ্চনৰ লগতে তেওঁৰ পুত্ৰ অভিষেক বচ্চন,বোৱাৰী ঐশ্বৰ্য আৰু নাতিনী আৰাধ্যা সম্প্ৰতি যুঁজি আছে কৰ'ণা ভাইৰাছৰ সৈতে ৷ বচ্চন পৰিয়ালৰ সংস্পৰ্শলৈ আহিছিল প্ৰায় 54জন লোক ৷ তাৰে 28জন লোক বৰ্তমান কোৱাৰেন্টাইন হৈ আছে ৷